এঘাৰ দিনৰ বিৰতিত নগাঁৱত পুনৰ বানৰ তাণ্ডৱ…

এঘাৰ দিনৰ বিৰতিত নগাঁৱত পুনৰ বানৰ তাণ্ডৱ…

ডিজিটেল সংবাদ,নগাঁও : বিপদসীমা অতিক্ৰম কৰিলে কপিলীয়ে ৷ নৈ পৰীয়া লোকৰ মাজত এতিয়া হাহাকাৰ ৷ নগাঁও জিলাৰ কামপুৰ ৰাজহ চক্ৰৰ অধীনৰ একাংশ ৰাজহ গাঁও প্লাবিত হৈছে কপিলীৰ বানত ৷ কপিলীৰ পানীয়ে ৰাজহ চক্ৰটোৰ কেইবাখনো গাঁও প্লাবিত কৰাই নহয় কেবাটাও পথৰ ওপৰেদি পানী বাগৰিছে ৷

নিশাৰে পৰা কপিলীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত এঘাৰটা দিনৰ পিছত জিলাখন দ্বিত্বীয়টো বানৰ কবলত পৰিছে ৷ পাঁচ জুনত নগাঁও জিলা বান শূন্য হৈছিল৷ প্ৰথমটো বানৰ কবলত পৰা বানাক্ৰান্তই থিতাপি লবলৈ নাপাওতে পুনৰ বানে হাহাকাৰ লগাইছে ৷

বৰ্তমান কামপুৰৰ বকুলগুৰি,চাইবুক,গাৰুখুন্দা,নিজ নাৰিকলি আদি প্লাবিত হৈছে ৷ গঞাঁই ওখ স্হানত আশ্ৰয় লৈছে ৷ জানিব পৰা মতে কপিলীৰ জলপৃষ্ঠ বিপদসীমাৰ এক মিটাৰ ওপৰেদি বৈ আছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in