লামডিঙত বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ...

লামডিঙত বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ...

author-image
Asomiya Pratidin
New Update
লামডিঙত বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ...

ডিজিটেল সংবাদ, লামডিংঃ ৰাজ্যত এতিয়াও অব্যাহত আছে বাৰ্মিজ চুপাৰিৰ চোৰাং বেহা। লামডিং ৰে'লৱে জংচনত আৰক্ষীয়ে পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ কৰিছে৷ লামডিং আৰক্ষী আৰু ৰে'ল আৰক্ষীৰ যৌথ অভিযানত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ চুপাৰিখিনি৷

Advertisment

উল্লেখযোগ্য যে ডিমাপুৰৰ পৰা বহি: ৰাজ্যলৈ ৰে'লযোগে ৰে'লৱে পাৰ্চেলত সৰবৰাহ কৰা হৈছিল চুপাৰিখিনি ৷ ২০৫০৩ নামনিমুৱা ডিব্ৰুগড় নিউ দিল্লী ৰাজধানী এস্কপ্ৰেছ ৰে'লৰ পৰা জব্দ কৰা হয় চুপাৰিখিনি। ৰে'লখনৰ পৰা প্ৰায় ৪০টা বস্তাত ৪০কুইন্টল চুপাৰি জব্দ কৰে আৰক্ষীয়ে।

Also Read: ৰূপনগৰত জ্যেষ্ঠ নাগৰিকৰ সভা সম্পন্ন

lumding BARMIZ SUPARI