পোহৰলৈ আহিছে উৎপল বৰুৱাৰ পদত্যাগৰ আঁৰৰ বহু তথ্য...

পোহৰলৈ আহিছে উৎপল বৰুৱাৰ পদত্যাগৰ আঁৰৰ বহু তথ্য...
Published on
Updated on

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ বৰঝাৰৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰৰ মুখ্য কার্যবাহী বিষয়া, অসম সন্তান উৎপল বৰুৱাই আদানি গ্ৰুপৰ হাতত অপমানিত হৈ পদ এৰিবলগীয়া হোৱা বিষয়টো সন্দৰ্ভত বহু চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। বৰঝাৰ বিমান বন্দৰ ব্যক্তিগত প্রতিষ্ঠানৰ অধীনলৈ যোৱাৰ পিচতে আদানি গ্রুপে বহিঃৰাজ্যৰ বহু বিষয়াক বিভিন্ন গুৰুত্বপূর্ণ দায়িত্বত নিয়োজিত কৰিছে।

আদানি গ্ৰুপৰ হৈ বৰঝাৰ বিমান বন্দৰত দায়িত্ব পালন কৰিবলৈ অহা এনে একাংশ উচ্চপদস্থ বিষয়াৰ দুষ্কাৰ্যৰ ফল ভুগিবলগীয়া হ'ল উৎপল বৰুৱাই। পদৰ পৰা ইস্তফা দিয়া উৎপল বৰুৱাই সংবাদ মাধ্যমৰ আগত তেওঁ এই পদ এৰাৰ বিভিন্ন কাৰণ উল্লেখ কৰিছে যদিও বিমান বন্দৰৰ উচ্চপদস্থ বিষয়াগৰাকী দৰাচলতে বহিঃৰাজ্যৰ একাংশ বিষয়াৰ কুকৰ্মৰহে ফল ভুগিবলগীয়া হৈছে।

অসমবিৰোধী চক্র এটাই বৰঝাৰ বিমান বন্দৰ সন্দৰ্ভত আদানি গ্ৰুপৰ মুখ্য কার্যালয়লৈ বিভিন্ন অভিযোগ প্ৰেৰণ কৰি থকাৰ কথা বৰুৱাই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে।

কিন্তু শেহতীয়াকৈ বৰঝাৰ বিমান বন্দৰৰ কৰ্তব্য পালন কৰা আদানি গ্ৰুপৰ কেইজনমান উচ্চপদস্থ বিষয়াৰ দুষ্কাৰ্যই সীমা অতিক্রম কৰিছে। পৰিণতিত পদ এৰিবলগীয়া হ'ল উৎপল বৰুৱাই।

ঘটনাটো সংঘটিত হৈছিল যোৱা ১৩ জুনত। এই ঘটনাৰ স্থান আছিল গুৱাহাটীৰ জি এছ ৰোডৰ এখন পঞ্চতাৰকাযুক্ত হোটেল। এই হোটেলখনলৈ আদানি গ্ৰুপৰ ৪জন বিষয়াই বিমান বন্দৰত কাম কৰা ৪গৰাকী যুৱতীক পার্টী কৰাৰ বাবে আনিছিল। পাৰ্টীৰ পিচত বিষয়াকেইজনে যুৱতীকেইগৰাকীক অসৎ প্রস্তাৱ দি হোটেলৰ ৰুমলৈ নিব বিচাৰে। তেতিয়া সেই ৪গৰাকীৰ এগৰাকীয়ে এই কথাৰ প্রতিবাদ কৰে আৰু বিষয়টো লগে লগে নিজৰ 'বয়ফ্ৰেণ্ড 'ক অৱগত কৰে।

বয়ফ্ৰেণ্ডগৰাকীয়ে বিষয়টোক লৈ হুলস্থুল লগায় আৰু হোটেলখনত এক অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। নিশা সংঘটিত এই ঘটনাৰ খবৰ মহানগৰ আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ কাণতো পৰে। কিন্তু আদানি গ্ৰুপৰ বিষয়াই সংঘটিত কৰা এই দুষ্কাৰ্য আৰক্ষী তথা হোটেল কর্তৃপক্ষৰ বাবেও আছিল এক হাইপ্র'ফাইল কেছ। গতিকে আৰক্ষীয়েও এই বিষয়টোত গুৰুত্ব সহকাৰে নল’লে।

উক্ত ঘটনাটো  হোটেলতে বুজাপৰাৰে শাম কাটিলে যদিও ইমানতে ওৰ নপৰিল। সময় পাৰ হোৱাৰ লগে লগে এই ঘটনাৰ অভিযোগ আদানি গ্ৰুপৰ মুখ্য কার্যালয়ে লাভ কৰে। আদানি গ্ৰুপৰ মুখ্য কাৰ্যালয়ৰ পৰা তদন্তৰ বাবে বৰঝাৰলৈ এটা উচ্চপদস্থ দল আহে।  এই দলটোৱে মহিলা কৰ্মচাৰীসকলক ঘটনাৰ সন্দৰ্ভত সোধাপোছা কৰে।

ইয়াৰ পিচতে অভিযোগৰ আঙুলি উঠা বৰঝাৰ বিমান বন্দৰৰ টার্মিনেল হেড ইমৰান ৰিজবি, এ অ' চি চিৰ হেড কৰণ ডুগ্ধল আৰু আই টিৰ হেড মাণিক নিগমক তাৎক্ষণিকভাৱে ইস্তফা দিবলৈ নির্দেশ দিয়ে আদানি গ্ৰুপৰ মুখ্য কার্যালয়ে। লগতে আন এগৰাকী বিষয়াকো চাকৰিৰ পৰা বৰ্খাস্ত কৰে। ইয়াৰ পিছতেই বিমান বন্দৰটোত কৰ্মৰত বহিঃৰাজ্যৰ বিষয়াৰ দুষ্কাৰ্যৰ বাবে বৰঝাৰ বিমান বন্দৰৰ মুখ্য কার্যবাহী বিষয়া উৎপল বৰুৱাই পদত্যাগপত্র দাখিল কৰে।

উল্লেখযোগ্য ১৩জুনত সংঘটিত উক্ত ঘটনাৰ সময়ত জি এছ ৰোডৰ পঞ্চতাৰকা হোটেলখনত কেইবাটাও সংবাদ মাধ্যমৰ কেমেৰাই সেই দৃশ্য বন্দী কৰিছিল যদিও হাইপ্র'ফাইল কেছটোত গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন গৈছে।

এক বিশেষ সূত্ৰই জানিব পৰামতে বৃহস্পতিবাৰে ডিব্ৰুগড়লৈ যোৱাৰ সময়তে উৎপল বৰুৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত এই ঘটনাৰ সন্দৰ্ভত আলোচনা কৰে যদিও ইয়াৰ সবিশেষ এই পৰ্যন্ত জানিব পৰা নাই। আনহাতে মুখ্যমন্ত্ৰীক বৰঝাৰ বিমান বন্দৰৰ এটা দলে মুখ্য কার্যবাহী বিষয়া,  উৎপল বৰুৱাক পুনৰ সেই পদত নিযুক্তি দিবলৈ আহ্বান জনাইছে।

বৰুৱাই বৃহস্পতিবাৰে সাংবাদিকৰ আগত সদৰী কৰিছে যে তেওঁ বৰঝাৰ বিমান বন্দৰৰ মুখ্য কাৰ্যবাহী বিষয়া পদৰ পৰা ইস্তফা দিলেও আদানি গ্রুপ ত্যাগ কৰা নাই। হয়তো আদানি গ্ৰুপৰ আন কোনো দায়িত্বত তেওঁ থাকিব।

ইতিমধ্যে বৰঝাৰ বিমান বন্দৰত আদানি গ্রুপে চিই অ' হিচাপে অশ্বিন নোৰোনহাক নিযুক্তি দিছে। বৰঝাৰ বিমান বন্দৰত বহু অসমীয়া যুৱক- যুৱতীক সংস্থাপিত কৰা উৎপল বৰুৱাই এই পদৰ পৰা ইস্তফা দিয়াৰ পিচত স্বাভাৱিকতে তাত কৰ্মৰত অসমীয়া যুৱক-যুৱতীসকল নিজৰ ভৱিষ্যতক লৈ শংকিত হৈ পৰিছে।

পোহৰলৈ আহিছে উৎপল বৰুৱাৰ পদত্যাগৰ আঁৰৰ বহু তথ্য...
বিশ্বৰ আটাইতকৈ দীঘল চাইকেলখন দেখিছেনে? গীনিজ বুকত পালে স্থান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in