/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/fbb46a98-767c-46f6-b9a4-484704c28fa0/cycle 5.jpg)
বিশ্বৰ আটাইতকৈ দীঘল চাইকেল
ডিজিটেল ডেস্কঃ নৱপ্ৰস্তৰ যুগত চকা আৱিষ্কাৰে মানৱ সমাজলৈ অভূতপূৰ্ব পৰিবৰ্তন কঢ়িয়াই আনিছিল। চকা আৱিষ্কাৰৰ পৰৱৰ্তী সময়ত আজিৰ পৰা ২০০ বছৰো অধিক সময়ৰ পূৰ্বে যেতিয়া চাইকেল আৱিষ্কাৰ হৈছিল এই চাইকেলে মানুহৰ যাতায়ত ব্যৱস্থাক এক নতুন মাত্ৰা প্ৰদান কৰিছিল।
বিৱৰ্তনৰ মাজেৰে সময়ে সময়ে ভিন্ন ৰূপ ধাৰণ কৰি চাইকেলে আজি অত্যাধুনিক পৰ্যায়ত উপনীত হৈছেহি। চাইকেল এতিয়া কেৱল যাতায়তৰ এক ব্যৱস্থা হৈ থকা নাই। চাইকেল এতিয়া হৈ পৰিছে বিলাসীতাও।
৪ ৰ পৰা ৫ হাজাৰ টকাৰ ভিতৰত উপলব্ধ হোৱা এখন সাধাৰণ চাইকেলৰ পৰা ২৪, ২৫ লাখ টকীয়া চাইকেলো ভাৰতৰ বজাৰতেই উপলব্ধ। এনে চাইকেল ক্ৰয় কৰিয়েই বহুতেই আকৌ দেশ, বিদেশো ভ্ৰমণ কৰিছে। ইয়াৰ পৰাই অনুমান কৰিব পাৰি চাইকেলৰ জনপ্ৰিয়তা কিমান।
শেহতীয়াকৈ নিৰ্মাণ কৰা এখন চাইকেলে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। বিশ্বৰ সৰ্বাধিক দীঘল চাইকেল হিচাপে অভিলেখ গঢ়া এই চাইকেলখনক লৈ এতিয়া অত্যাধুনিক চাইকেলৰ খবৰ ৰখা লোকসকলৰ মাজত উৎসুকতাৰ সৃষ্টি হৈছে। নহ'বই বা কিয়? গীনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰা এই চাইকেলখনৰ দৈঘ্য ১৮০ ফুট।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/95ae1744-453d-4f22-b0bf-24d5fa2cbcc5/longest-bicycle-viewed-from-above.webp)
৩৯ বছৰীয়া ইভান শ্বাক নামৰ যুৱকজনৰ শৈশৱৰে পৰা আছিল চাইকেলৰ প্ৰতি এক বিশেষ আকৰ্ষণ। সমান্তৰালকৈ গীনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈও তেওঁৰ হেঁপাহ আছিল দীৰ্ঘদিনীয়া।
চাইকেল আৰু গীনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছৰ বাবে থকা তেওঁৰ এই হেঁপাহৰে পৰিণতি স্বৰূপে তৈয়াৰ হৈ উঠিছে বিশ্বৰ আটাইতকৈ দীঘল চাইকেলখন। উল্লেখ্য যে, ইয়াৰ পূৰ্বে বিশ্বৰ আটাইতকৈ দীঘল চাইকেল হিচাপে গীনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰিছিল অষ্ট্ৰেলিয়াৰ বাৰ্নি ৰায়ানে তৈয়াৰ কৰা ১৫৫ ফুট দীঘল আৰু ৮ ইঞ্চি ওখ চাইকেলখনে। ২০২০ চনত তেওঁ এই ৰেকৰ্ডছৰ গৰাকী হৈছিল।
কিন্তু শেহতীয়াকৈ তেওঁৰ এই অভিলেখ ভংগ কৰিলে ইভান শ্বাকে। ২০১৮ চনৰ পৰাই তেওঁ বিশ্বৰ সৰ্বাধিক দীঘল চাইকেলখন তৈয়াৰ কৰাৰ কাম আৰম্ভ কৰিছিল। এই চাইকেলখন তৈয়াৰ কৰাৰ ক্ষেত্ৰত তেওঁ লগত লৈছিল ৭ জন অভিযন্তাক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/60e36065-d8c5-4c62-a252-7e74264905b7/longest-bicycle-builders.webp)
২০১৮ চনৰ পৰা চলাই থকাৰ প্ৰচেষ্টাৰ অন্তত শেহতীয়াকৈ তেওঁ ১৮০ ফুট দীঘল আৰু ১১ ইঞ্চি ওখ এই নতুন চাইকেলখন তৈয়াৰ কৰিছে। এনে এক অভিলেখৰ গৰাকী হৈয়ো অৱশ্যে ইভান শ্বাকে তেওঁৰ এই চাইকেলখন ৰাজপথত চলাব নোৱাৰিব।
সাধাৰণ চাইকেলৰ দৰে ইয়াক ব্যৱহাৰ কৰিব পৰা নাযাব। এয়াও এক তেওঁৰ বাবে বিড়ম্বনা হৈ পৰিছে। তেওঁৰ ৰেকৰ্ড সৃষ্টিকাৰী এই চাইকেলখন ৰাজপথত চলোৱাৰ ক্ষেত্ৰত বহু বাধাৰ সন্মুখীন হ’ব। বিশেষকৈ চাইকেলখনৰ দৈঘ্যই হৈছে ইয়াৰ প্ৰতিবন্ধকতা।
সেয়া যিয়েই নহওক ইভান শ্বকৰ এই নতুন ৰেকৰ্ড সৃষ্টিকাৰী চাইকেলখনে নেটিজেনৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। বহুতেই তেওঁক শুভেচ্ছা জনোৱাৰ লগতে উৎসাহিতও কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/0ec7f04d-da65-4bab-a433-b291fc8d71e1/longest-bicycle-view-from-front.webp)
অৱশ্যে আন একাংশই ৰাজপথত সাধাৰণ চাইকেলৰ দৰে চলাব নোৱাৰা এই চাইকেলখনৰ প্ৰয়োজনেই বা কি বুলিও প্ৰশ্ন উত্থাপন কৰিছে। তথাপিও ইভান শ্বক কিন্তু তেওঁৰ এই আৱিষ্কাৰক লৈ অতি সুখী।
তেওঁৰ এই সন্দৰ্ভত স্পষ্ট কথা, ‘আনে যেতিয়া আড্ডা দি সময় অপচয় কৰে আমি তেতিয়া সৃষ্টিশীল কামত ব্যস্ত হওঁ।‘ ইভানে এই এশাৰী বাক্যৰেই নোকোৱাকৈয়ে বহু কথাই কৈ দিলে।
Also Read: ভোটাৰক কথা দি কথা ৰাখিলে বিজেপি নেতাইঃ এৰিলে মন্ত্ৰীত্ব...