ঢকুৱাখনাৰ মেধাৱী ছাত্ৰী অন্তৰীক্ষা দত্তলৈ "নেৰিষ্ট"ৰ সোণৰ পদক..

ঢকুৱাখনাৰ মেধাৱী ছাত্ৰী অন্তৰীক্ষা দত্তলৈ "নেৰিষ্ট"ৰ সোণৰ পদক..
ঢকুৱাখনাৰ মেধাৱী ছাত্ৰী অন্তৰীক্ষা দত্তলৈ "নেৰিষ্ট"ৰ সোণৰ পদক..

ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনাৰ শৈক্ষিক ক্ষেত্ৰখনৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ উচ্চ শিক্ষানুষ্ঠান "নেৰিষ্ট"ৰ ইতিহাসত স্বাভিমানী মেধাবী নক্ষত্ৰ হিচাপে স্বীকৃতি অর্জন কৰিবলৈ সক্ষম হৈছে এগৰাকী কৃতিমান ছাত্ৰী। অৰুণাচল প্ৰদেশৰ "উত্তৰ পূব আঞ্চলিক বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান"  চমুকৈ "নেৰিষ্ট"ত অধ্যয়নৰত ঢকুৱাখনা মহকুমাৰ কমাৰ গাঁও নিবাসী অন্তৰীক্ষা দত্তই ৰসায়ন বিজ্ঞান বিভাগত সৰ্বোচ্চ ৯.৪৮ পইণ্ট লাভ কৰি সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্ৰী লাভৰ লগতে সোণৰ পদক অর্জন  কৰিবলৈ সক্ষম হৈছে।

এই সন্দৰ্ভত যোৱা ১১ ডিচেম্বৰত "নেৰিষ্ট"ৰ প্ৰেক্ষাগৃহত অনুস্থিত হোৱা নৱম সংখ্যক সমাবৰ্তন অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল তথা "নেৰিষ্ট"ৰ আচাৰ্য ব্ৰিগেদিয়াৰ ডঃ বি ডি মিশ্ৰ (অৱসৰ প্ৰাপ্ত)ই কৃতিমান ছাত্ৰী অন্তৰীক্ষা দত্তক সোণৰ পদক আৰু প্ৰশস্তি পত্ৰৰে বিভূষিত কৰে।

ঢকুৱাখনাৰ কমাৰ গাঁওৰ বাসিন্দা তথা কৰ্মসূত্ৰে লখিমপুৰ নগৰৰ ২ নং ৱাৰ্ডৰ নকাৰী  নিবাসী বিদ্যুৎ বিভাগৰ অৱসৰ প্ৰাপ্ত কৰ্মচাৰী সভা ৰাম দত্ত আৰু লখিমপুৰ অসামৰিক চিকিৎসালয়ৰ "ৱাৰ্ড ইনচার্জ" নিভা দত্তৰ জ্যেষ্ঠা কন্যা অন্তৰীক্ষা দত্তৰ এনে সাফল্যৰ বাবে গৃহ ভূমি ঢকুৱাখনাত আনন্দৰ বন্যা প্ৰবাহিত হৈছে ।

লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক স্বৰাজ শংকৰ গগৈ, ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি অতুল চুতীয়া, ঢকুৱাখনা পৌৰ সভাৰ প্ৰাক্তন পৌৰ আয়ুক্ত চেনিৰাম দত্ত আদিয়ে কৃতিমান শিক্ষাৰ্থী গৰাকীৰ অভূতপূৰ্ব মেধাত্ব আৰু সাফল্যৰ বাবে  আন্তৰিক শুভেচ্ছা জনাই সমুজ্জ্বল শৈক্ষিক ভৱিষ্যত আৰু উত্তৰণ কামনা কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in