গুগলে ট্ৰেফিকৰ আগজাননী কেনেকৈ লাভ কৰে আপুনিও জানি থওঁক

গুগলে ট্ৰেফিকৰ আগজাননী কেনেকৈ লাভ কৰে আপুনিও জানি থওঁক

ডিজিটেল ডেস্ক: আজিকালি আমাৰ সকলোৰে এক অন্যতম ভৰষা গুগল মেপ। যি ঠাইলৈকে যাবলৈ নহওঁক একমাত্ৰ গুগল মেপক ভৰষা কৰিয়েই আমি নিচিন্ত মনে সেই গন্তব্য স্থানলৈ গতি কৰো।পিছে গুগল মেপে বাৰু আপোনাক কেনেকৈ সেই নিৰ্দিষ্ট স্থানলৈ লৈ যায়, কেতিয়াবা ভাবিছেনে ?   

গুগল মেপ হৈছে সাম্প্ৰতিক সময়ৰ এক অতি উৎকৃষ্ট সেৱা। অন পইণ্ট নেভিগেশ্বনৰ সুবিধা আৰু ৰিয়েলটাইম ট্ৰেফিক ভৱিষ্যতবাণীৰ বাবে বিশ্বৰ লাখ লাখ লোকে দৈনিক ইয়াক ব্যৱহাৰ কৰে। গুগল মেপে কেনেকৈ বাট-পথবোৰ শুদ্ধকৈ দেখুৱাই, সেই বিষয়ে আজি জানো আহক-

গুগল মেপে ট্ৰেফিকৰ ভৱিষ্যতবাণী কেনেদৰে কৰে?

গুগল মেপে ট্ৰেফিকৰ আগজাননী দিয়ে।ই তুলনামূলকভাৱে ব্যস্ত পথবোৰ কমলা আৰু ৰঙা ৰঙৰ সীমাৰেখাৰ সৈতে পৃথক কৰি ব্যৱহাৰকাৰীসকলক জনায় যে সেই পথবোৰত কেনে গতিত ট্ৰেফিক আছে। স্মাৰ্টফোন ব্যৱহাৰ কৰা প্ৰতিজন ব্যক্তিয়ে এই সুবিধা গ্ৰহণ কৰি যাবলগীয়া সেই বিশেষ ঠাইৰ আগতীয়া পৰিস্থিতিৰ উমান লয়। গুগল মেপে সেই ব্যস্ত পথবোৰৰ সকলো উপায় আৰু ৰিয়েলটাইম ট্ৰেফিক বিবেচনা কৰি বিকল্প সৰ্বশ্ৰেষ্ঠ পথৰ পৰামৰ্শ দিয়ে।

আচলতে, গুগল মেপ সেৱাত ৰিয়েলটাইম ট্ৰেফিকৰ বিষয়ে পৰামৰ্শ প্ৰদান কৰিবলৈ গুগলৰ ওচৰত কেইটামান উপায় আছে যাক এই পথবোৰত ট্ৰেফিকৰ পূৰ্বানুমান কৰিবলৈ ব্যৱহাৰ কৰে। ট্ৰেফিকৰ ভৱিষ্যতবাণী কৰাৰ বাবে গুগল মেপে ট্ৰেফিকৰ পৰিস্থিতি বুজিবলৈ আৰু ই লেহেম গতিৰ ট্ৰেফিক নে গধুৰ ট্ৰেফিক জানিবলৈ আন ব্যৱহাৰকাৰীৰ মেপ ব্যৱহাৰ কৰে।এটা নিৰ্দিষ্ট এলেকাত গুগল মেপ ব্যৱহাৰ কৰা লোকৰ সংখ্যা বহু বেছি। গুগল মেপে ইয়াৰ সুবিধা লৈ প্ৰত্যেকজন ব্যৱহাৰকাৰীৰ পৰা ট্ৰেফিকৰ ‘আপডেট’ লয়।

গুগলে ট্ৰেফিকৰ আগজাননী কেনেকৈ লাভ কৰে আপুনিও জানি থওঁক
SBI Whatsapp Banking: এছ বি আইৰ হোৱাটছএপ সেৱাৰ বিষয়ে জানো আহক

গুগল মেপ হেক কৰি চাইমন ৱেকাৰ্টৰ পৰীক্ষা 

শেহতীয়াকৈ চাইমন ৱেকাৰ্ট নামৰ এজন ব্যক্তিয়ে বাৰ্লিনৰ এটা কম সঘনাই ব্যৱহৃত পথত পৰীক্ষা কৰিছিল। এই পৰীক্ষাটোৰ জৰিয়তে তেওঁ গুগল মেপত সেই পথত ভুৱা ট্ৰেফিক সৃষ্টি কৰিছিল। চাইমন ৱেকাৰ্টৰ পৰীক্ষাই ট্ৰেফিকৰ ভৱিষ্যতবাণী কৰাৰ বাবে গুগল মেপৰ পদ্ধতি হেক কৰিছিল আৰু গুগল মেপৰ সম্ভাৱ্য ত্ৰুটি সন্দৰ্ভত আলোকপাত কৰিছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in