বিনৈগুটিয়া গাঁৱৰ আদৰণি তোৰণৰ দ্বাৰ মুকলি

বিনৈগুটিয়া গাঁৱৰ আদৰণি তোৰণৰ দ্বাৰ মুকলি

author-image
Asomiya Pratidin
New Update
বিনৈগুটিয়া গাঁৱৰ আদৰণি তোৰণৰ দ্বাৰ মুকলি

ডিজিটেল সংবাদ, বৰবৰুৱা : বিভিন্ন ভাষা ভাষিক জাতি জনগোষ্ঠীৰ সমন্বয়ৰে ভৰপূৰ বৰবৰুৱাৰ বিনৈগুটিয়া গাঁও। প্ৰায় ৭ সহস্ৰাধিক চাহ জনগোষ্ঠীয়, মটক, আহোম , কোঁচ, কছাৰী আদি লোকৰ মিলনভূমি বিনৈগুটিয়া গাঁও।

এই গাঁৱৰ মূল পথছোৱাৰ আদৰণি তোৰণৰ দ্বাৰ মুকলি কৰে গাঁওবুঢ়া, পূজাৰীসকলৰ উপস্থিতিত বিনৈগুটিয়া সমন্বয় উন্নয়ন সমিতিয়ে। এই অনুষ্ঠানত যুটীয়া সম্পদক হিচাবে চনু উৰাং, চিত্তমনি পাত্ৰ সভাপতি সীমান্ত গগৈক লৈ এক নিৰ্মাণ সমিতি গঠন হয় । এই তোৰণৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা।

Also Read: কৃষকৰ বাবে বড়োলেণ্ড বিশ্ববিদ্যালয়ত বিশেষ পাঠ্যক্ৰম...

তোৰণ