Advertisment

কৃষকৰ বাবে বড়োলেণ্ড বিশ্ববিদ্যালয়ত বিশেষ পাঠ্যক্ৰম...

বিদ্যালয়লৈ এদিনো গৈ নোপোৱা কৃষকসকলেও এতিয়া বিশ্ববিদ্যালয়ত পঢ়িবলৈ সমৰ্থ হৈছে। কৃষকসকলক এই বিশেষ সুযোগ প্ৰদান কৰিছে কোকৰাঝাৰস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ে।

author-image
Asomiya Pratidin
New Update
কৃষকৰ বাবে বড়োলেণ্ড বিশ্ববিদ্যালয়ত বিশেষ পাঠ্যক্ৰম...

ডিজিটেল সংবাদ, কোকৰাঝাৰ : বিদ্যালয়লৈ এদিনো গৈ নোপোৱা কৃষকসকলেও এতিয়া বিশ্ববিদ্যালয়ত পঢ়িবলৈ সমৰ্থ হৈছে। কৃষকসকলক এই বিশেষ সুযোগ প্ৰদান কৰিছে কোকৰাঝাৰস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ে।

Advertisment

বিশ্ববিদ্যালয়খনৰ অধীনস্থ 'দ্য টেকন’লজি ইনকিউবেশ্যন চেণ্টাৰ’ (কৃত্ৰিম উমনি বিষয়ক প্ৰযুক্তি কেন্দ্ৰ)ৰ তৰফৰ পৰা এই অনুযায়ী যোৱা আগষ্ট মাহতে গ্ৰহণ কৰা হৈছিল এক বিশেষ পদক্ষেপ। স্কুললৈ এদিনো গৈ নোপোৱা, আধাতে বিদ্যালয় এৰা তথা বিভিন্ন কাৰণত সম্পূৰ্ণ শিক্ষা লাভ কৰিব নোৱৰা কৃষকসকলে যাতে গ্ৰাম্য অৰ্থনীতিৰ ভেটি সবল আৰু সমৃদ্ধ কৰিব পাৰে তাৰ বাবে এই পদক্ষেপ লোৱা হৈছিল।

ইয়াৰ জৰিয়তে কৃষি উপযোগী ৩ মহীয়া, ছবছৰীয়া আৰু এবছৰীয়া পাঠ্যক্ৰমৰ ব্যৱস্থা কৰা হৈছে। কম সময়তে সম্পূৰ্ণ কৰিব পৰা এনে পাঠ্যক্ৰমৰ জৰিয়তে গ্ৰামাঞ্চলৰ কৃষকসকল উপকৃত হ’ব বুলি আশা কৰা হৈছে।

উল্লেখ্য যে, 'দ্য ইনকিউবেশ্যন চেণ্টাৰ’ হৈছে বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰণালয়ৰ অধীনৰ জৈৱ-প্ৰযুক্তি বিভাগৰ অধীনৰ কেন্দ্ৰীয় প্ৰকল্প। এই কেন্দ্ৰীয় প্ৰকল্পৰ অধীনত যুগুত কৰি উলিওৱা উক্ত পাঠ্যক্ৰমত ইতিমধ্যে ভালেসংখ্যক কৃষকে পাঠ গ্ৰহণ কৰি আছে।

এই বিশেষ পাঠ্যক্ৰমে অঞ্চলটোৰ কৃষকসকলক উপকৃত কৰিব বুলি আশা ব্যক্ত কৰিছে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক বি এল আহুজাই। কেন্দ্ৰটোৰ মুখ্য নীৰিক্ষক সন্দীপ দাসে জনোৱা মতে, এই পাঠ্যক্ৰমৰ অধীনত কৃষকসকলে মুকুতা কৃষি, কেঁচু সাৰ উৎপাদন, গোবৰ গেছ, তামোলৰ ঢকুৱাৰে প্লেট তৈয়াৰ কৰা, বায়’ফ্লক পদ্ধতিৰে মৎস্য উৎপাদন, কাঠফুলাৰ খেতি, মৌ পালন, বাণিজ্য উপযোগী খাদ্য প্ৰস্তুতকৰণ, গছৰ কাটিং কৰা আদিৰ দৰে কৃষিৰ সৈতে জড়িত বিভিন্ন বিষয় সামৰি লোৱা হৈছে।

কৃষকসকলৰ সুবিধা হোৱাকৈ অধিকাংশ পাঠ্যক্ৰমৰ পাঠদান দেওবাৰে কৰা হয় বুলিও জানিবলৈ দিছে দাসে। অধ্যাপক দাসে কৃষকক শিক্ষা গ্ৰহণত উৎসাহিত কৰা বাবে জিষ্ণু ৰাম ৰায়, সুনীল বাগলাৰী, আলংবাৰ বসুমতাৰী, উপেন ৰায়, অতুল সাহাৰ দৰে আদৰ্শ কৃষকসকলক ধন্যবাদ জ্ঞাপন কৰিছে। ইতিমধ্যে এই পাঠ্যক্ৰমৰ অধীনত ১০০০ৰো অধিক কৃষক পাঠ গ্ৰহণ কৰিছে বুলিও জানিবলৈ দিছে অধ্যাপক সন্দীপ দাসে।

Also Read: মঙলদৈত অঘটন : বাঘৰ আক্ৰমণত আহত মহিলা

Bodoland university