স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা নাই বাংলাদেশৰ পৰিস্থিতি, ঢাকাত পুনৰ উত্তেজনা

স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা নাই বাংলাদেশৰ পৰিস্থিতি। শ্বেখ হাছিনাই দেশ এৰি যোৱাৰ পিছত ইউনুছৰ সমৰ্থকসকলে ঢাকাৰ ৰাজপথত আতংক বিয়পাইছিল। দেশখনত সেই আতংক এতিয়াও কমা নাই। যাৰবাবে শেহতীয়াভাৱে ঢাকাত বৃহৎ সংখ্যক সেনাৰ লগতে অৰ্ধসামৰিক বাহিনী মোতায়ন কৰা হৈছে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
বাংলাদেশত পুনৰ উত্তপ্ত পৰিস্থিতি

বাংলাদেশত পুনৰ উত্তপ্ত পৰিস্থিতি

ডিজিটেল ডেস্ক: আজিও স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা নাই বাংলাদেশৰ পৰিস্থিতি। শ্বেখ হাছিনাই দেশ এৰি যোৱাৰ পিছত ইউনুছৰ সমৰ্থকসকলে ঢাকাৰ ৰাজপথত আতংক বিয়পাইছিল। দেশখনত সেই আতংক এতিয়াও কমা নাই। যাৰবাবে শেহতীয়াভাৱে ঢাকাত বৃহৎ সংখ্যক সেনাৰ লগতে অৰ্ধসামৰিক বাহিনী মোতায়ন কৰা হৈছে। বাংলাদেশ সীমান্তৰক্ষী বাহিনীৰ কেইটামান দলকো ঢাকাত মোতায়ন কৰা হৈছে। আনকি ঢাকাৰ সমীপৱৰ্তী জিলাসমূহৰ পৰাও আৰক্ষীক ঢাকালৈ মাতি অনা হৈছে।  ঢাকাত হ’ব লগা এক প্ৰতিবাদৰ বাবে ইমান বৃহৎ সংখ্যক আৰক্ষী তথা সেনা-বাহিনী নিয়োগ কৰা হৈছে বুলি অনুমান কৰিছে দেশখনৰ সাধাৰণ জনতাই। 

Advertisment

বাংলাদেশত শেহতীয়াভাৱে হিজব উৎ তাহৰিৰৰ দৰে সংগঠনে বন্ধ আৰু প্ৰতিবাদৰ আহ্বান জনাইছিল। বিক্ষোভৰ সময়ত যিকোনো ধৰণৰ হিংসা ৰোধ কৰিবলৈকে সেনা-বাহিনী নিয়োগ কৰা হৈছে যুক্তি আগবঢ়াইছে বাংলাদেশৰ সেনা প্ৰধান জেনেৰেল ৱাকাৰে। পিছে ৱাকাৰৰ এই কথা বিশ্বাস কৰা নাই সাধাৰণ জনতাই। বাংলাদেশৰ সেনা প্ৰধানে দুটা কেণ্টনমেণ্ট এলেকাৰ পৰা সৈন্য চলাচলৰ নিৰ্দেশ দিছে। এই দুটা কেণ্টনমেণ্ট এলেকাত নিয়োজিত সৈন্য আৰু সাজসজ্জিত বাহনসমূহক আগন্তুক কেইদিনমানৰ ভিতৰত ঢাকাত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ সমান্তৰালকৈ ঘটাইল চাউনী এলেকাকো সতৰ্ক অৱস্থাত থাকিবলৈ কোৱা হৈছে।

উল্লেখযোগ্য যে, জেনেৰেল ৱাকাৰ আৰু ইউনুছৰ মাজৰ সম্পৰ্ক পূৰ্বৰ পৰাই ভাল নহয়। তেনেস্থলত ঢাকাত বৃহৎ সংখ্যক আৰক্ষী তথা সেনা-বাহিনী নিয়োগ কৰা ঘটনাই উদ্বেগৰ সৃষ্টি কৰিছে। 

Bangladesh Prime Minister bangladesh conflict BANGLADESH LEDEAR bangladeshi bangladesh