/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/e48bb15a-cc8f-49da-b46b-eb103247ca59/AP_FOR_WEB_banana_.jpg)
আপোনাৰ ব্ৰেকফাষ্ট প্লেটত সাধাৰণতে কি থাকে? ইংলিচ ব্ৰেকফাষ্ট অৰ্থাৎ বেকন, ফ্ৰাইড এগ,চৌজেচ,ট'ষ্টেৰে পৰিপূৰ্ণ এখন প্লেট সকলোৰে প্ৰিয়। কিন্তু এই বিলাসিতাই আপোনাৰ শৰীৰত কিদৰে ক্ষতি কৰিছে সেই বিষয়ে আপুনি জ্ঞাত নে?
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/f65d9a90-d650-4794-aaa4-65aa1fa3f36e/AP_FOR_WEB_breakfast_2.jpg)
আগৰ দিনৰ জীৱন শৈলী আৰু বৰ্তমানৰ জীৱন শৈলীৰ মাজত বহল পাৰ্থক্য আছে। আগতে মানুহে পথাৰলৈ যাওঁতে ভীম কলেৰে এবাতি সান্দহ খাই গৈছিল,দুপৰীয়া বাৰীৰ শাক-পাচলিৰে পইতা-জকৰা খাইছিল।সেয়াই দিনটোৰ বাবে শক্তিৰ যোগান ধৰিছিল। কিন্তু বৰ্তমান প্ৰকৃতিয়ে দিয়া সহজলভ্য,কম মূল্যৰ ফল-মূল সেৱনৰ পৰিৱৰ্তে আমি কিছু জুটি লগা খাদ্য খোৱাত গুৰুত্ব দিওঁ।
বজাৰৰ পৰা কম মূল্যতে কিনি আনিব পৰা এক হালি কলৰ পৰিৱৰ্তে আমি অনলাইন এপৰ জৰিয়তে ঘৰলৈ আনো কিছুমান পেকেজিং সামগ্ৰী যেনে- আলমণ্ড,গ্ৰীণ টি, ৱালনাট,পেপাৰ কেচিঅ', অঞ্জিৰ,খেজুৰ ইত্যাদি। অৰগেণিক খাদ্যৰ ত্ৰেণ্ড ফ'ল' কৰা আমিবোৰে পেকেজিং সামগ্ৰী ভালে ৰখাৰ উদ্দেশ্যে কোম্পানীয়ে কিমান কেমিকেল ব্যৱহাৰ কৰে সেয়া জানিও নজনা হৈ থাকো। সহজতে উপলব্ধ খাদ্য খোৱাৰ পৰিৱৰ্তে বিলাসীতাৰে জীৱন নিৰ্বাহ কৰো।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/f0d108ff-c0aa-43aa-a540-5310b4da4425/fa817cd3_4392_496f_9e82_848911589ec7.jpg)
অথচ অসমীয়াত এষাৰ কথা আছে "কল খালে হয় হাতীৰ সমান বল" এই কথাশাৰীক যুক্তিৰে বাখ্যা কৰো আহক-
কল এবিধ সহজলভ্য ফল। ইয়াৰ বাকলিয়ে ভিতৰৰ খাদ্য অংশ বীজাণু সংক্ৰমণ নোহোৱাকৈ ৰাখে। কলৰ পুষ্টি প্ৰচুৰ। ইয়াক শৰ্কৰা,কোষবৰ্ধক পদাৰ্থ, প্ৰ'টিন, ভিটামিন,খনিজ লৱণ পোৱা যায়।
কলত যথেষ্ট পৰিমাণে লো আৰু তাম খনিজ লৱণ থাকে সেইবাবে শৰীৰৰ হিমোগ্ল’বিন বৃদ্ধি পায়।এনিমিয়াত ভোগা লোকে নিয়মীয়াকৈ কল খালে শৰীৰত ৰক্তৰ পৰিমাণ বৃদ্ধি পায়।হৃদৰোগত ভোগা লোকে নিয়মীয়াকৈ কল খালে যিকোনো ধৰণৰ হৃদৰোগ আৰু শ্বাস-প্ৰশ্বাস জনিত ৰোগক পৰাও উপশম পায়। বাত বিষ আৰু সঘনাই ডায়েৰিয়াত ভোগা লোকে কল নিয়মীয়াকৈ খাব পাৰে। মধুমেহ ৰোগীয়ে এই ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ অনুযায়ী কল সেৱন কৰিব লাগে।
পকা ভীমকল পুহ মাহত নিয়মিত খালে গাত ভীমৰ সমান বল হয় বুলি গাঁৱৰ মানুহৰ মুখে মুখে শুনা যায়। গৰমত দেহটো শীতল কৰি ৰাখিবলৈ আমি প্লাষ্টিকৰ বটলত থকা ঠাণ্ডা পানী সেৱণ কৰো যিয়ে দেহৰ ক্ষতি কৰিব পাৰে। ইয়াৰ পৰিৱৰ্তে এটা ভীম কল বা জাহাজী,অমৃত সাগৰ,মালভোগে কলৰ চৰৱতেও গৰমত সকাহ দিব পাৰে। শিশুৰ খাদ্যাভাষটো কল অন্তৰ্ভুক্ত। পকা ভীম কল পিঠা গুৰিৰে ছমাহৰ কেচুঁৱাক খুৱালে শ্ৰীবৃদ্ধি হয়।শিশুৰ পয়ালগাও ভাল হয়। মূলতঃ দিনত এটা বা দুটা কল সেৱনে আপোনাক নিৰোগী কৰি ৰাখিব পাৰে।
কাচ কলৰো আছে বহু উপকাৰিতা। কাচ কলত যথেষ্ট পৰিমাণৰ পটেছিয়াম থাকে যিয়ে কলেষ্ট্ৰ'ল,দেহত হোৱা চৰ্বি নিয়ন্ত্ৰণত সহায় কৰে। পেট চলা, হিমোগ্ল'বিনৰ অভাৱটো কাচ কলে সহায় কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/329b2eb4-cb88-4501-a4b9-86e328e861ab/banana_1.jpg)
কলজোপাৰ প্ৰতিটো অংগই অপৰিহাৰ্য। ফলৰ উপকাৰিতাৰ লগতে পাত,খাৰলৈ স্বাস্থ্যৰ বাবে মহৌষধ।ইয়াৰোপৰি কলৰ বাকলিৰে সৌন্দৰ্যচৰ্চা কৰি আপুনি পাৰ্লাৰৰ নামত খৰচ হোৱা টকা ৰাহি কৰিব পাৰে।
উল্লেখ কৰাটো প্ৰয়োজনীয় যে, "ভীম শক্তি" উদ্ভাৱনেৰে সমগ্ৰ ৰাজ্যতে সুনাম অৰ্জন কৰা প্ৰদীপ বৰাই ৰাজ্যৰ নিবনুৱা সকলক কৰ্ম সংস্থাপনৰ পথ প্ৰদৰ্শন কৰিছে। কলৰ গছ বিশ্ব অৰ্থনীতিৰ এক মূল খেলুৱৈ। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কল অন্যতম ব্যৱসায়িক ফল। অসমটো এছিয়াৰ বিখ্যাত দৰংগিৰি কল বজাৰ আছে। ইয়াৰ পৰাই বহু দেশৰ লগতে বিদেশলৈ কল ৰপ্তানি হয়।
পূৰ্বতে ঋষি-মুণি সকলে বতৰৰ ফল-মূল খাই জীৱন নিৰ্বাহ কৰিছিল। কিন্তু সময় সলনিৰ লগে ফল-মূলৰ নামত আমি বাণিজ্যিকভাৱে উৎপাদিত ষ্ট্ৰ'বেৰী,এভাকাডো বাচি ল'লো। প্ৰকৃতিয়ে বতৰৰ উপযোগীকৈ সকলো সময়তে কিছুমান ফল উপহাৰ দিয়ে। দামী ড্ৰেগন ফ্ৰুটৰ পাছত নদৌৰি বাৰিৰ কল এটা সেৱণ কৰক আৰু নিজ সুস্থ ৰাখক।
মানৱ জীৱনৰ আটাইতকৈ অমূল্য সম্পদ হৈছে সুস্থ নিৰোগী শৰীৰ। সহজলভ্য ফল-মূল,শাক-পাচলিত এনে বহু গুণ আছে যিয়ে আপোনাক মাৰাত্মক ৰোগৰ পৰা সুৰক্ষিত কৰি ৰাখিব পাৰে। সেয়ে আমি এনে কিছুমান বতৰৰ ফল-মূল বা সহজতে পোৱা শাক-পাচলিৰ বিষয়ে ধাৰাবাহিক ভাৱে তথ্য যোগান ধৰাৰ চেষ্টা কৰিম। পৰৱৰ্তি প্ৰতিবেদনত আমি অন্য সহজলভ্য ফল-মূল, শাক-পাচলিৰ উপকৰিতাৰ বিষয়ে লেখা যুগুত কৰিম।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/e1395e30-2f30-4817-abb2-d6bb4546699c/371476375_H.webp)
Also Read: আজি অক্ষয় তৃতীয়া...