/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/de3a358d-1618-4bcf-9f10-6978bf0398fa/naba_doley_30.jpg)
ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ৰ ডেৰশ বছৰীয়া জয়ন্তীৰ লাইখুঁটা স্থাপন
ডিজিটেল সংবাদ ঢকুৱাখনা : ১৮৭২ চনতে ঢকুৱাখনাত চৰকাৰী আনুষ্ঠানিক শিক্ষা প্ৰচাৰ আৰু বিস্তাৰৰ মহান লক্ষ্য উদ্দেশ্যেৰে প্ৰতিষ্ঠা লাভ কৰিছিল ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়খনে। উত্তৰ অসমৰ অন্যতম পুৰণি চৰকাৰী শিক্ষানুষ্ঠান হিচাবে পৰিগণিত এই বিদ্যালয়খনে শিক্ষাৰ গৰিমা বিলাই চলিত বৰ্ষত ১৫০ টা বছৰত উপনিত হৈছে ।
ঢকুৱাখনাবাসীৰ স্বাভিমানী প্ৰতীক হিচাবে ইতিহাসৰ পাতত খোদিত এই বিদ্যালয়ৰ ডেৰশ বছৰীয়া সফলতাৰ যাত্ৰা কালৰ অতীত ৰোমন্থনৰ হেতু আয়োজিত ডেৰশ বছৰীয়া জয়ন্তীৰ প্ৰায় বৰ্ষ জোৰা কাৰ্যক্ৰমণিকাৰ শুকুৰবাৰে পাতনি মেলা হয় । ঢকুৱাখনা নগৰৰ কেন্দ্ৰত অৱস্থিত এই বিদ্যালয়ৰ গৌৰৱোজ্জ্বল ডেৰশ বছৰীয়া জয়ন্তীৰ মূল অনুষ্ঠান ভাগি অহা ২০২৩ বর্ষৰ ১৬,১৭ আৰু ১৮ অক্টোবৰত অনুষ্ঠিত কৰাৰ মানসেৰে এই স্বৰ্ণিল জয়ন্তীৰ শুভাৰম্ভ কৰা হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/f28242e9-c591-48e0-9fc1-8f56a88c24c7/91fc23de_5209_4dc0_8027_d29122598c17.jpg)
পুৱা পতাকা উত্তোলন কৰাৰ পাছতে গায়ন বায়ন, উৰুলী মংগল ধ্বনিৰ মাজত জয়ন্তীৰ মূল সভা গৃহৰ লাই খুঁটা স্থাপন কৰে ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলেয়ে। উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি সেৱক চুতীয়া, যুটীয়া সম্পাদক পদ্মাৱতী কোঁচসহ গৰিষ্ঠ সংখ্যক বিষয়ববীয়া কৰ্মকর্তা, বিদ্যালয়ৰ সমূহ শিক্ষক কৰ্মচাৰী , শিক্ষাৰ্থী, শিক্ষানুৰাগী ৰাইজ, শুভাকাংক্ষীৰ সহযোগিতাত লাইখুঁটা স্থাপন কৰি বিধায়ক দলেয়ে এই দিনটো ঢকুৱাখনা মহকুমাৰ শৈক্ষিক ইতিহাসৰ এক স্বৰ্ণিল দিন বুলি মন্তব্য কৰে ।
ডেৰশ বছৰৰ পূৰ্বে ঢকুৱাখনা সদৰত এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰি শৈক্ষিক ইতিহাস সমৃদ্ধ কৰা প্ৰয়াত বিদ্বৎ ব্যক্তি সমাজৰ সশ্ৰদ্ধ স্মৰণ কৰি দলেয়ে প্ৰায় বৰ্ষ জোৰা কাৰ্যসূচীৰ সফল ৰূপায়নত সৰ্বশ্ৰেণী ৰাইজৰ সহায় সহযোগিতা কামনা কৰে । ইয়াৰ পাছতে বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয় প্ৰাক্তন ছাত্ৰৰ বিশেষ সভা ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/15dc88c8-581f-4d80-ba4c-6fff79138d08/37997ca5_be0d_45f3_8326_ec634508201f.jpg)
গৰিষ্ঠ সংখ্যক প্ৰাক্তন ছাত্ৰ আৰু শিক্ষক কৰ্মচাৰীৰ উপস্থিতিত অনুষ্ঠিত এই বিশেষ সভা পৰিচালনা কৰে প্ৰাক্তন ছাত্ৰ চিত্ৰ ৰঞ্জন দাসে। ইয়াৰ পৰৱৰ্তী সময়ত অনুষ্ঠিত হয় মূল সভা ।
শিক্ষাৰ্থীসকলৰ এটা সুমধুৰ সমবেত সংগীতেৰে উদ্বোধন হোৱা মূল সভাত সভাপতিত্ব কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি সেৱক চুতীয়াই । শিক্ষাব্রতী ৰাইজ ,প্ৰাক্তন ছাত্ৰ, শুভাকাংক্ষী উপস্থিত থকা জনাকীৰ্ণ মূল সভাত আদৰণি ভাষণ আগবঢ়াই বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী পদ্মৱতী কোঁচে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/f73c8ad9-04c9-4552-bfc1-ba774e09958c/6d841c71_1cdc_48e4_b51b_81b7b4c43152.jpg)
সভাত মূল বক্তা হিচাবে উপস্থিত থাকি বক্তব্য আগবঢ়াই অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোঁহাই বৰুৱাই। সভাত বিশিষ্ট অতিথি হিচাবে বিধায়ক নৱ কুমাৰ দলেয়ে অংশগ্ৰহণ কৰি ব্ৰিটিছৰ আমোলত প্ৰতিস্থিত ঢকুৱাখনাৰ স্বাভিমানৰ প্ৰতীক, ইতিহাস বিজড়িত এই শিক্ষানুষ্ঠানখন নতুন শিক্ষা নীতিৰ অধীনত।
অচিৰেই উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উত্তৰণ ঘটোৱাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ আৰু এই ক্ষেত্ৰত লাভ কৰা ইতিবাচক সঁহাৰি সন্দৰ্ভত সভাত ব্যক্ত কৰে বিধায়কগৰাকীয়ে। সভাত তেজপুৰৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা, সাহিত্য অকাডেমী বঁটা ২০২২ প্ৰাপক ঢকুৱাখনাৰ গৌৰৱ ড০ জুৰি দত্তই উপস্থিত থাকি মনোজ্ঞ বক্তব্য আগবঢ়াই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/3d025f37-d42f-499f-bb6c-fad0efd3123b/db661572_3218_4b70_a0f5_5d767e454862.jpg)
মহকুমাধিপতি অৰিন্দম বৰুৱা , ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ যোগানন্দ সূত, ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কল্পনা গগৈ, অৱসৰ প্ৰাপ্ত অধ্যক্ষ চেনিৰাম বৰুৱা, লিখন চন্দ্ৰ বুঢ়াগোহাঁই, অৱসৰ প্ৰাপ্ত উপ-আৰক্ষী অধীক্ষক মহেন্দ্ৰ গগৈ আদি গৰিষ্ঠ সংখ্যক প্ৰাক্তন ছাত্ৰ উপস্থিত থাকে গাম্ভীৰ্যপূৰ্ণ সভাত। সন্ধিয়া বিদ্যালয় চৌহদত বন্তি প্ৰজ্বলন আৰু শংখ ধ্বনিৰে জয়ন্তীৰ প্ৰায় বছৰ জোৰা আৰু মূল কাৰ্যসূচীৰ সৰ্বতো প্ৰকাৰৰ সফল উদযাপন কামনাৰে শুভাৰম্ভনি অনুষ্ঠানৰ সামৰণি মৰা হয়।
ক্লিক কৰি পঢ়কঃ অসম গ্ৰন্থমেলাৰ আজি দ্বিতীয় দিনঃ তাৰা নৌইচান্তাৰৰ সৈতে অন্তৰংগ আলাপ...