চাঞ্চল্যকৰঃ দুটাকৈ শিশুক অপহৰণৰ অপচেষ্টা...

চাঞ্চল্যকৰঃ দুটাকৈ শিশুক অপহৰণৰ অপচেষ্টা...

author-image
Asomiya Pratidin
New Update
চাঞ্চল্যকৰঃ দুটাকৈ শিশুক অপহৰণৰ অপচেষ্টা...

চাঞ্চল্যকৰঃ দুটাকৈ শিশুক অপহৰণৰ অপচেষ্টা...

ডিজিটেল সংবাদ দুমুনিচকী: সোমবাৰৰ সন্ধিয়া প্ৰায় ৬ঃ৪৫ বজাৰ পৰা নিৰুদ্দেশ হৈ থকা দুটা শিশুক নিশা প্ৰায় ১১ঃ২০ বজাত পথাৰৰ নৰাতলিত অচেতন অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই মাজগাঁৱৰ লগতে বৃহত্তৰ বাইহাটা চাৰিআলি অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। কামৰূপ জিলাৰ বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত মাজগাঁৱত সংঘটিত হোৱা উক্ত ঘটনাই অভিভাৱকসকলক শংকিত কৰি তুলিছে।

Advertisment

ঘটনা সন্দৰ্ভত জানিব পৰা মতে মাজগাঁও নিবাসী আনোৱাৰ হুছেইন আৰু ছাজিনা বেগমৰ পুত্ৰ, কন্যা ক্ৰমে চান আলম (১০) আৰু নাচৰীণ আলমক (৮) পঢ়ুৱাই থৈ নিজৰ পেহীয়েকে সোমবাৰে সন্ধিয়া প্ৰায় ৬ঃ৩০ বজাত ওচৰতে থকা ঘৰলৈ বুলি ৰাওনা হয়। পিতৃ আনোৱাৰে ই ৰিক্সা চলোৱাৰ উপৰি মাক ছাজিনায়ো ঘৰৰ পৰা নাতীদূৰত এখন তামোল-পাণৰ দোকান দিয়ে।

যাৰ ফলত পেহীয়েকে পঢ়ুৱাই যোৱাৰ পিছত মাক দেউতাক আহি নোপোৱালৈ দুয়োটাই অলপ সময় অকলে থাকিব লগীয়া হয়। উক্ত সময়ৰ সুযোগ গ্ৰহণ কৰি সোমবাৰে এখন পালছাৰ বাইকত অহা যুৱকে দুয়ো ভাতৃ-ভগ্নীক কিবা কথা সোধাৰ চলেৰে ওচৰলৈ মাতি আনে।

বাইকত অহা যুৱকজনে চতুৰ্থ শ্ৰেণীত পঢ়ি থকা চান আলমক চৰ্দি হোৱা বুলি কৈ এটা পিল খুৱাই দি লগত লৈ অহা পানীও খাবলৈ দিয়ে। ফলত পিল আৰু পানী খোৱা মাত্ৰকে কণমানি চান আলম অচেতন হৈ পৰে। সমগ্ৰ দৃশ্য দেখি থকা ভগ্নী নাচৰীণে চিঞৰ বাখৰ কৰিব নৌপাওতেই মুখত খোপা মাৰি ধৰি অচেতন কৰে।

ইফালে নিশা প্ৰায় ৭ বজাত পিতৃ আনোৱাৰ হুছেইন ঘৰত আহি দুয়োটা সন্তানক নেদেখি হতভম্ব হৈ পৰে। পৰিয়ালৰ লোকৰ লগতে গাঁওবাসীৰ সহযোগত বিভিন্ন স্থানত বিচাৰ খোঁচাৰ কৰি নিশা প্ৰায় ১১-২০ বজাত বাসগৃহৰ পৰা ২৫০ মিটাৰ নিলগত থকা পথাৰৰ নৰাতলিত দুয়োটা শিশুক নৰা জাপি থোৱা অৱস্থাত উদ্ধাৰ কৰে।

পিতৃ আনোৱাৰে স্থানীয় লোকৰ সহযোগত দুয়োটা শিশুক নিশা বেজেৰা সামূহিক স্বাস্থ্যকেন্দ্ৰত চিকিৎসাৰ বাবে লৈ আহে যদিও চিকিৎসকে দুয়োজনকে জি এম চি এইচলৈ প্ৰেৰণ কৰে। পিতৃ আনোৱাৰে আজি প্ৰতিবেদকক অৱগত কৰা অনুসৰি চতুৰ্থ শ্ৰেণীত পঢ়ি থকা চান আলম কিছু পৰিমাণে সুস্থ অৱস্থালৈ আহিছে যদিও তৃতীয় শ্ৰেণীত পঢ়ি থকা নাচৰিণ আলম বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে।

পালছাৰ বাইকত অহা যুৱকে কি উদ্দেশ্যে, দুয়ো ভাতৃ ভগ্নীক ক'লৈ নিব বিচাৰিছিল তাক লৈ অঞ্চলটোত সৰৱ চৰ্চা অব্যাহত আছে। নিশা পৰিয়াল তথা গাঁওবাসীৰ তৎপৰতাৰ বাবে দুয়ো ভাতৃ,ভগ্নীক অচেতন কৰি ওপৰত নৰা জাপি থৈ শেষত অপহৰণকাৰীয়ে পলায়ন কৰিব লগা হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় সচেতন লোক সকলে। উক্ত ঘটনাৰ বিষয়ে অৱগত হোৱাত শংকিত হৈ পৰিছে অভিভাৱক সকল।

ক্লিক কৰি পঢ়কঃ শিৱসাগৰৰ বীণাপানী সংগীত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস আৰু শিল্পী দিৱস উদযাপন...

baihata chariali