তৃতীয় পৰ্যায়ৰ নিৰ্বাচনঃ মানকাচৰত অন্তিম নিৰ্বাচনী প্ৰচাৰ বদৰুদ্দিন আজমলৰ

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনঃ মানকাচৰত অন্তিম নিৰ্বাচনী প্ৰচাৰ বদৰুদ্দিন আজমলৰ

author-image
Asomiya Pratidin
New Update
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনঃ মানকাচৰত অন্তিম নিৰ্বাচনী প্ৰচাৰ বদৰুদ্দিন আজমলৰ

ডিজিটেল সংবাদ, মানকাচৰঃ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অন্তিম প্ৰচাৰৰ দিনা দেওবাৰে মানকাচৰত তিনিটা পৃথক স্থানত কংগ্ৰেছ, অগপ আৰু এআইইউডিএফে পৃথকে পৃথকে নিৰ্বাচনী প্ৰচাৰ চলায়।

Advertisment

উল্লেখযোগ্য যে, দেওবাৰে পুৱা ১১বজাত মানকাচৰ জে.এম উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত অগপৰ প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ প্ৰতিকূল বতৰৰ বাবে বাতিল কৰাৰ ফলত জাবেদ ইছলামে বিজেপিৰ জিলা পৰ্যায়লৰ নেতাৰ সৈতে মানকাচৰত অন্তিম নিৰ্বাচনী প্ৰচাৰ চলায়।

ইফালে খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰতো একেখিনি সময়ত কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ গৌৰৱ গগৈৰ প্ৰচাৰ বাতিল হয়। শনিবাৰে মানকাচৰত অখিল গগৈয়ে ৰকিবুল হুছেইনৰ হৈ মানকাচৰত কংগ্ৰেছৰ অন্তিম প্ৰচাৰ চলায়।

আনহাতে দেওবেৰে দিনৰ প্ৰায় ১ বজাত মানকাচৰৰ কালাপানী কে.পি.এল খেলপথাৰত এআইইউডিএফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলৰ এক বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত কৰা হয়।

কালাপানীত আজমলে দলীয় সমৰ্থকসকলৰ মাজত ভাষণ দি এআইইউডিএফক ভোট দিবলৈ আহ্বান জনায়। আজমল প্ৰথমবাৰৰ বাবে নিৰ্বাচনী সভাত এইদৰে কান্দি কান্দি ভাষণ দি মানকাচৰত নিজৰ অন্তিম নিৰ্বাচনী প্ৰচাৰ সামৰে। নিৰ্বাচনী সভাৰ অন্তত আজমলে সকলোকে ভোট দিবলৈ আহ্বান জনায়।

Also Read: ২লাখ ভোটৰ ব্যৱধানত জয়ন্ত বসুমতাৰী বিজয়ী হ'বঃ পীযুষ হাজৰীকা

Election campaign Badaruddin Aajmal loksabha election mancachar aiudf