/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/1f3e59a3-f312-4d08-b536-a49834327ff2/2.jpg)
ডিজিটেল ডেস্কঃ দেওবাৰে পুৱা ৬ বজাত মুকলি কৰা হ'ল বদ্ৰীনাথ ধাম। চাৰধামৰ মাজৰ অন্যতম হৈছে বদ্ৰীনাথ ধাম। অগণন ভক্তৰ ভিৰ, আৰ্মী বেণ্ডৰ সংগীত আৰু ভগৱান বদ্ৰী বিশালৰ প্ৰাৰ্থনাৰে মন্দিৰৰ দুৱাৰ মুকলি কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/e868292b-a20f-4aba-b1a4-7280c4154902/4.jpg)
বদ্ৰীনাথ ধামৰ দুৱাৰ মুকলিৰ সময়ত ভক্তসকলৰ মাজত আচৰিত ধৰণৰ উৎসাহ দেখা যায়। কাৰণ আগন্তুক ৬ মাহৰ বাবে বদ্ৰীনাথ ধামত ভক্তসকলে বদ্ৰী বিশালৰ দৰ্শন কৰিব পাৰিব। উল্লেখ্যে যে, ১০ মে'ত গংগোত্ৰী,যমোনোত্ৰী আৰু কেদাৰনাথ ধামৰ দুৱাৰ মুকলি কৰা হৈছিল। তথ্য অনুসৰি, বদ্ৰীনাথক ভু বৈকুণ্ঠ ধাম বুলিও কোৱা হয়। বদ্ৰীনাথ মন্দিৰৰ চৌহদত ১৫ টা মূৰ্তি আছে।ভগৱান বদ্ৰী নাৰায়ণৰ ৫ প্ৰকাৰৰ উপাসনা কৰা হয়।
জনাই থোৱাটো প্ৰয়োজনীয় যে,চাৰ ধাম যাত্ৰা আৰম্ভ হোৱা লগে লগে প্ৰতি বছৰে উত্তৰাখণ্ডৰ কেদাৰনাথ,বদ্ৰীনাথ ধাম,গংগোত্ৰী আৰু যমোনোত্ৰীলৈ বহু লোকৰ আগমন হয় । যাৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তাৰ মাজেৰে ভক্তক আদৰিবলৈ সাজু হৈছে উত্তৰাখণ্ড চৰকাৰ।
Also Read: ৭৫বছৰত ৰাজনীতিক বিদায় দিব নেকি মোডীয়ে? উত্তৰ দিলে অমিত শ্বাহে...