৭৫বছৰত ৰাজনীতিক বিদায় দিব নেকি মোডীয়ে? উত্তৰ দিলে অমিত শ্বাহে...

৭৫বছৰত ৰাজনীতিক বিদায় দিব নেকি মোডীয়ে? উত্তৰ দিলে অমিত শ্বাহে...

ডিজিটেল ডেস্কঃ ২০২৪ৰ লোকসভা নিৰ্বাচনক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰত্যেক দিনাই ৩খনকৈ সভা সম্বোধন কৰিছে। ইয়াৰোপৰি প্ৰতি দিনাই ৰোড শ্বতো অংশ লৈছে ৭৪বছৰীয়া প্ৰধানমন্ত্ৰীগৰাকীয়ে। এনে সময়তে বিৰোধীয়ে দেশৰ যুৱনেতাক বিজেপিয়ে আগবঢ়াই নিদিয়ে বুলি কৰা অভিযোগৰ প্ৰত্যুত্তৰ দিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

যোৱা শনিবাৰে সংবাদ মাধ্যমৰ আগত অমিত শ্বাহে কয় যে, প্ৰধানমন্ত্ৰীয়ে ৭৫বছৰ বয়সত ৰাজনীতৰ পৰা অৱসৰ লব বুলি যি প্ৰচাৰ চলিছে সেয়া আচঁলতে অপ্ৰচাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী সদায়েই বিজেপিৰ বাবে ১নম্বৰৰ মানুহ। বয়সৰ সংখ্যাৰে নৰেন্দ্ৰ মোডীক বিজেপিয়ে কেতিয়াও বিচাৰ কৰে। ২০২৯ৰ লৈকে পুনৰ প্ৰধানমন্ত্ৰী হ’ব নৰেন্দ্ৰ মোডী। ‘

২০২৯ৰ পাছত অমিত শ্বাহ প্ৰধানমন্ত্ৰী হব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়-  প্ৰধানমন্ত্ৰী কোন হব সেয়া দলে সময়ত বিচাৰ কৰে। এতিয়া আমাৰ লক্ষ্য ২০২৪। আৰু এটা কথা মই কৈ থও যে, বিজেপিৰ সংবিধানত বয়সৰ কোনো সীমাৱদ্ধতা নাই।

উল্লেখ কৰা প্ৰয়োজন যে, অহা মঙলবাৰে বাৰাণসী লোকসভা সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে।

৭৫বছৰত ৰাজনীতিক বিদায় দিব নেকি মোডীয়ে? উত্তৰ দিলে অমিত শ্বাহে...
বটদ্ৰৱাত কণকণ শিশুৰ অভিনয়েৰে অভিমন্যু বধ ভাওনা...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in