আজৱ! ৪ খন ভৰিৰে জন্ম হ'ল কন্যা শিশু...

বহু সময়ত দেশত সংঘটিত হোৱা কিছুমান আজৱ ঘটনাই আচৰিত কৰি তোলে সকলোকে। এগৰাকী মাতৃয়ে একাধিক সন্তান জন্ম দিয়া, এটা শিশুৰ দুটাকৈ মূৰ থকা আদি ঘটনা বিভিন্ন সময়ত পোহৰলৈ আহে।

author-image
Asomiya Pratidin
New Update
ৰঙিয়াৰ হাইৱে চ’কৰ দলঙৰ তলত উদ্ধাৰ এটি সদ্যোজাত শিশু...

new born baby

ডিজিটেল ডেস্ক: বহু সময়ত দেশত সংঘটিত হোৱা কিছুমান আজৱ ঘটনাই আচৰিত কৰি তোলে সকলোকে। এগৰাকী মাতৃয়ে একাধিক সন্তান জন্ম দিয়া, এটা শিশুৰ দুটাকৈ মূৰ থকা আদি ঘটনা বিভিন্ন সময়ত পোহৰলৈ আহে।

Advertisment

এইবাৰ মধ্যপ্ৰদেশত সংঘটিত হৈছে এনে ধৰণৰ এক ঘটনা। এগৰাকী মাতৃয়ে জন্ম দিলে সন্তান। কিন্তু অলপ পৃথক এই শিশুটি। শিশুটিৰ আছে ৪ খনকৈ ভৰি। ৪ খনকৈ ভৰি থকা এই কন্যা সন্তানটি এতিয়া চৰ্চাৰ বিন্দু হৈ পৰিছে।

সিকন্দৰ কামপু এলেকাৰ আৰতি কুশৱাহাই বুধবাৰে এটা কন্যা সন্তান জন্ম দিছিল।শিশুটিৰ ওজন ২.৩ কিলোগ্ৰাম। শিশুটি জন্মৰ পাছত সুস্থ অৱস্থাতে আছিল।

এই সন্দৰ্ভত চিকিৎসকে কয় যে, জন্মৰ সময়ত কেঁচুৱাটোৰ চাৰিখন ভৰি আছিল।কিছুমান ভ্ৰূণ অতিৰিক্ত হৈ পৰে, যাক চিকিৎসা বিজ্ঞানৰ ভাষাত ইচিওপাগাছ বুলি কোৱা হয়। যেতিয়া ভ্ৰূণটো দুটা ভাগত বিভক্ত হয়, শৰীৰ দুটা স্থানত বিকশিত হয়। সেইবাৰে শিশুটিৰ কঁকালৰ তলৰ অংশটো দুটা অতিৰিক্ত ভৰিৰে বিকশিত হৈছে, কিন্তু সেই ভৰি কেইখন সক্ৰিয় নহয়।

আৰু পঢ়ক: বৰ্ষাপাৰত ভাৰত-শ্ৰীলংকাৰ এদিনীয়া, টিকটৰ মূল্য নিৰ্ধাৰণ অসম ক্ৰিকেট সন্থাৰ...

madhya pradesh baby