সুদীৰ্ঘ অপেক্ষাৰ অন্ত ! এই বছৰতে অযোধ্যাৰ ৰাম মন্দিৰৰ গৰ্ভ গৃহত প্ৰতিষ্ঠা হ'ব মূৰ্তি...

সুদীৰ্ঘ অপেক্ষাৰ অন্ত ! এই বছৰতে অযোধ্যাৰ ৰাম মন্দিৰৰ গৰ্ভ গৃহত প্ৰতিষ্ঠা হ'ব মূৰ্তি...
সুদীৰ্ঘ অপেক্ষাৰ অন্ত ! এই বছৰতে অযোধ্যাৰ ৰাম মন্দিৰৰ গৰ্ভ গৃহত প্ৰতিষ্ঠা হ'ব মূৰ্তি...
Published on
Updated on

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ অযোধ্যাত নিৰ্মাণ হৈ থকা ৰাম মন্দিৰৰ নিৰ্মাণ কেতিয়া সম্পূৰ্ণ হৈ উঠিব? এই প্ৰশ্ন দেশৰ লাখ লাখ ৰামভক্তৰ মনলৈ নিশ্চয় আহে। সংঘাত, বিতৰ্ক আৰু সুদীৰ্ঘ সময়ৰ আইনী যুঁজৰ অন্তত নিৰ্মাণ হৈ থকা ৰাম মন্দিৰ সম্পূৰ্ণ হোৱাৰ পথত।

মাজত মাত্ৰ এটা বছৰ।সকলো ঠিকেই থাকিলে ২০২৪ত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব ৰাম মন্দিৰৰ। আনহাতে চলিত বৰ্ষতে ভগৱান ৰামৰ প্ৰতিমূৰ্তিত প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব।

শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰৰ ট্ৰাষ্টৰ সচিব চম্পাত ৰায়ৰ মন্তব্য অনুসৰি ৰাম মন্দিৰ নিৰ্মাণৰ কাম অতি তীব্ৰ গতিত চলি আছে। চলিত বছৰৰ ডিচেম্বৰ মাহতে মন্দিৰৰ গৰ্ভগৃহ ভগৱান ৰামৰ মূৰ্তি প্ৰতিষ্ঠাৰ বাবে সাজু হৈ উঠিব।

পিছে ৰাম মন্দিৰত প্ৰতিষ্ঠা কৰিবলগীয়া ভগৱান ৰামৰ মূৰ্তিটো বাৰু কেনেকুৱা হ'ব সেই বিষয়ে আপোনাৰ জানিবলৈ মন নাযায়নে? বহু চৰ্চিত আৰু আৱেগৰ সৈতে জড়িত ৰাম মন্দিৰৰ গৰ্ভগৃহত প্ৰতিষ্ঠা কৰিবলৈ লোৱা ভগৱান ৰামৰ মূৰ্তিকলৈ ট্ৰাষ্টে কৰিছে বিশেষ পৰিকল্পনা।

জানিব পৰা মতে ৰাম মন্দিৰত যি মূৰ্তি স্থাপন কৰিব, সেই মূৰ্তিৰ এনেকুৱা এটা স্থানত প্ৰতিষ্ঠা কৰা হ'ব যাতে ভক্তই মাত্ৰ ৩০ ৰ পৰা ৩৫ ফুট দূৰত্বৰ পৰাই দৰ্শন কৰিব পাৰে। বৰ্তমানৰ অযোধ্যাৰ অস্থায়ী ৰাম মন্দিৰত ভগৱান ৰামৰ বাল্য অৱস্থাৰ মূৰ্তি আছে।

এই মূৰ্তিটো অষ্টধাতুৰ ৬ ইঞ্চি উচ্চতাৰ মূৰ্তিটো বহি থকা অৱস্থাত আছে। শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ মহা সচিব চম্পত ৰায়ে উল্লেখ কৰিছে যে, মন্দিৰৰ গৰ্ভ গৃহত ৰামৰ মূৰ্তি স্থাপনটো হ'বই, তাৰোপৰি ভগৱান ৰামৰ এনে এটা মূৰ্তিও স্থাপন কৰা হ'ব যি ভগৱান ৰামৰ শৈশৱ অৱস্থাৰ হ'ব। আৰু এই মূৰ্তি বহু উচ্চতাৰ হ'ব।

ইয়াৰোপৰি ৰাম মন্দিৰ এইদৰে নিৰ্মাণ কৰা হৈছে যে, ৰাম নৱমীৰ দিনা সূৰ্যৰ কিৰণ চিধাকৈ ভগৱান ৰামৰ মূৰ্তিৰ মূৰত পৰে আৰু মূৰ্তিটোক পোহৰাই তোলে। ট্ৰাষ্টৰ অধিক সংখ্যক সদস্যই বিচাৰিছে মন্দিৰত প্ৰতিষ্ঠা কৰিবলৈ লোৱা ভগৱান ৰামৰ মূৰ্তি শৈশৱ অৱস্থাৰ হওক।

৫ ৰ পৰা ৬ বছৰ বয়সৰ ভগৱান ৰামৰ মূৰ্তি স্থাপন কৰাৰ পক্ষত অধিকাংশ সদস্য। তেওঁলোকে বিচাৰিছে মূৰ্তিটোৰ ৰং নীলা হওক। ইয়াৰ বাবে বিশেষজ্ঞসকলে উৰিষ্যা আৰু মহাৰাষ্ট্ৰলৈ এনে শিল চাবলৈ যাব।

আনহাতে ৰামৰ মূৰ্তিটো কেনেকুৱা হ'ব, তাৰ ওপৰত বহু চিত্ৰশিল্পীয়ে নিজস্ব শিল্প কৰ্মৰে দাঙি ধৰিব। তাৰ মাজৰ পৰাই ট্ৰাষ্টে মন্দিৰত স্থাপন কৰিবলৈ ভগৱান ৰামৰ মূৰ্তি নিৰ্বাচন কৰিব। মূৰ্তি নিৰ্মাণৰ বাবে ৫ ৰ পৰ ৬ মাহ সময় নিৰ্ধাৰণ কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in