শিক্ষাৰ্থীয়ে মাছুল নিদিলে ভৰিব লাগিব জৰিমনা

শিক্ষাৰ্থীয়ে মাছুল নিদিলে ভৰিব লাগিব জৰিমনা

ডিজিটেল ডেস্ক : এতিয়াৰে পৰা নিৰ্ধাৰিত সময়ত মাচুল নিদিলে ভৰিব লাগিব জৰিমনা । এই সিদ্ধান্ত আদৰ্শ বিদ্যালয়ৰ । অসমৰেই আদৰ্শ বিদ্যালয়ৰ শেহতীয়াকৈ প্ৰকাশিত জাননীত উল্লেখ আছে এই কথা । মাহৰ ৮ তাৰিখৰ পাছত মাচুল দিলে প্ৰতিদিনৰ বাবদ ভৰিব লাগিব ৫ টকাকৈ জৰিমনা ।

উল্লেখ্য যে, ৰাজ্যৰ গ্ৰামাঞ্চলৰ শিক্ষাৰ্থী সকলক উন্নত শিক্ষা প্ৰদান কৰাৰ বাবে চৰকাৰে প্ৰান্তে প্ৰান্তে স্থাপন কৰিছিল আদৰ্শ বিদ্যালয়সমূহ । এই বিদ্যালয় সমূহ নিয়ন্ত্ৰণত ৰখাৰ বাবে চৰকাৰে আদৰ্শ বিদ্যালয় সংগঠন নামৰ এটি সংস্থাও গঠন কৰি দিছিল । এই সংগঠন সমূহেই বিদ্যালয়ৰ মাহিলী মাছুল ৩০০ টকাকৈ ধাৰ্য্য কৰে । অৱশ্যে দৈনিক মজুৰিৰ ভিত্তিত উপাৰ্জন কৰা অভিভাৱকৰ সন্তানৰ ক্ষেত্ৰত আছিল কিছু ৰেহাই ।

এই সকলো সিদ্ধান্ত সন্দৰ্ভত শেহতীয়াকৈ সংস্থাটোৱে প্ৰকাশ কৰা জাননী খনতেই উল্লেখ আছিল জৰিমনাৰ কথাও । অৱশ্যে বিদ্যালয় পৰিচালনা সমিতিসমূহে এই সন্দৰ্ভত অন্তিম সিদ্ধান্ত ল'ব ।            

আনহাতে, বৰপেটা চহৰকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা গ'ল এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ । চৰকাৰী বিদ্যালয়ত মাচুল দিয়াৰ বিৰুদ্ধে এতিয়া উত্তাল ৰাজ্য ।

এতিয়া প্ৰশ্ন হয়, এই সন্দৰ্ভত অসমৰ শিক্ষামন্ত্ৰীয়ে ল'ব কি সিদ্ধালন্ত ? গ্ৰামাঞ্চলৰ দুখীয়া শিক্ষাৰ্থী সকলৰ বাবে মুকলি কৰা বিদ্যালয়ত মাচুলৰ প্ৰয়োজন আছেনে ? মাচুল আদায় কৰিব নোৱাৰা শিক্ষাৰ্থীয়ে জানো ভৰিব পাৰিব জৰিমনা ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in