বানপানীত আত্মৰক্ষাৰ বাবে সজাগতামূলক প্ৰশিক্ষণ...

বানপানীত আত্মৰক্ষাৰ বাবে সজাগতামূলক প্ৰশিক্ষণ...
বানপানীত আত্মৰক্ষাৰ বাবে সজাগতামূলক প্ৰশিক্ষণ...

ডিজিটেল সংবাদ দক্ষিণ শালমাৰা মানকাচৰঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ বেপাৰীপাৰাত আজি জিলা দুৰ্যোগৰ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ উদ্যোগত বানৰ সময়ত বিপদ হলে নিজকে আত্মৰক্ষাৰ বাবে এক সজাগতামূলক প্ৰশিক্ষণ প্ৰদান কৰা হয়। উল্লেখযোগ্য যে, হাটশিঙিমাৰী দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত ১ নং বেটেলিয়ান এন ডি আৰ এফ বাহিনীয়ে এই সজাগতামূলক প্ৰশিক্ষণ কাৰ্য্যসূচী অনুষ্ঠিত কৰে।

এই উপলক্ষে আজি পুৱা ১০ বজাত সুখচৰৰ বেপাৰীপাৰা জিনজিৰাম নৈ পাৰত ১ নং বেটেলিয়ান এন ডি আৰ এফ বাহিনীয়ে উপস্থিত ৰাইজ, ছাত্ৰ-ছাত্ৰী, গাওঁবুঢ়াসকলক সজাগতামূলক বিভিন্ন প্ৰশিক্ষণ প্রদান কৰে। এই অনুষ্ঠানত জিলা আৰক্ষী অধীক্ষক হৰেন টকবি, জিলা অতিৰিক্ত উপায়ুক্ত বণি ইনাম সাদাব, গুৱাহাটী ১ নং বেটেলিয়া এন ডি আৰ এফৰ ইনেছপেক্টৰ জয়ন্ত প্ৰকাশৰ লগতে হাটশিঙিমাৰী জিলা দুৰ্যোগৰ ব্যৱস্থাপনাৰ বিষয়াসকল উপস্থিত থাকে।

বানৰ সময়ত বিপদ হলে নিজকে কিদৰে সুৰক্ষা দিব পাৰি আৰু কেনেকৈ নিজৰ প্ৰাণ ৰক্ষা কৰিব পাৰি তাক লৈ এই প্ৰশিক্ষণ প্ৰদান কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in