ডিজিটেল চিত্ৰাংকনত ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িওৱা ছাত্ৰ-ছাত্ৰীক পদক প্ৰদান...

ডিজিটেল চিত্ৰাংকনত ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িওৱা ছাত্ৰ-ছাত্ৰীক পদক প্ৰদান...
ডিজিটেল চিত্ৰাংকনত ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িওৱা ছাত্ৰ-ছাত্ৰীক পদক প্ৰদান...

ডিজিটেল সংবাদ নগাঁও: বেংগালুৰুৰ ললিথা কলা চেন্টাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত আয়োজন কৰা চিত্ৰাংকন প্ৰতিযোগিতাত নগাঁৱৰ প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফ্টৰ ছাত্ৰ-ছাত্ৰীসকলে সু-নাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ দেশৰ ২ লাখ ৭০ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ লোৱা প্ৰতিযোগিতাখনিত বিভিন্ন শাখাত ১৪ জনকৈ ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম পুৰস্কাৰ লাভ কৰি সোণৰ পদক লাভ কৰি জিলাখনৰ লগতে ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয় ৷ বিদ্যালয়খনে সৰ্বমুঠ ৩৩ টাকৈ পদক লাভ কৰিছে ৷

উল্লেখ্য যে, সাময়িক সময়ত বেংগালুৰুৰ স্হানীয় প্ৰশাসনে বঁটা প্ৰদানৰ বৃহৎ কাৰ্যসূচীৰ বাবে অনুমতি প্ৰদান নকৰাৰ বাবে ললিথা কলা কেন্দ্ৰই বিজয়ি প্ৰতিযোগিৰ পদকসমূহ প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফ্টলৈ প্ৰেৰণ কৰে ৷ বুধবাৰে নগাঁৱৰ আমোলাপট্টিস্হিত চিত্ৰাংকন বিদ্যালয়খনিত বিজয়ি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পদকসমূহ প্ৰদান কৰা হয় ৷

দিনৰ ১১-৩০ বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানটিত পদক বিজেতাসকলৰ মাজত আনুষ্ঠানিক ভাবে পদক , মানপত্ৰ প্ৰদান কৰা হয় ৷ অনুষ্ঠানটিত ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বিদ্যালয়ৰ অধ্যক্ষ প্ৰদীপ মজুমদাৰ , প্ৰশিক্ষক আৰু অভিভাবক সকলে অংশ গ্ৰহণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in