চলা উচ্চ মাধ্যমিক বিদ্যালয়ত অৰ্কিড সংৰক্ষণৰ সজাগতামূলক অনুষ্ঠান...

চলা উচ্চ মাধ্যমিক বিদ্যালয়ত অৰ্কিড সংৰক্ষণৰ সজাগতামূলক অনুষ্ঠান...

author-image
Asomiya Pratidin
New Update
চলা উচ্চ মাধ্যমিক বিদ্যালয়ত অৰ্কিড সংৰক্ষণৰ সজাগতামূলক অনুষ্ঠান...

চলা উচ্চ মাধ্যমিক বিদ্যালয়ত অৰ্কিড সংৰক্ষণৰ সজাগতামূলক অনুষ্ঠান...

ডিজিটেল সংবাদ চৰাইদেউঃ চৰাইদেউ জিলাৰ চলা উচ্চ মাধ্যমিক বিদ্যালয়ত অৰ্কিড সংৰক্ষণৰ ওপৰত আজি এটি সজাগতামূলক কাৰ্যসূচী হৈ যায় ৷ চলা গ্ৰাম্য অভয়াৰণ্য সংৰক্ষণ সমিতিৰ উদ্যোগত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে নিজ নিজ ঘৰৰ পৰা লৈ অনা বিভিন্ন প্ৰজাতিৰ অৰ্কিডসমূহ নামেৰে সৈতে ছাত্ৰ-ছাত্ৰীক চিনাকী কৰি দিয়ে চলা গ্ৰাম্য অভয়াৰণ্য সংৰক্ষণ সমিতিৰ সদস্য মানস শ্যামে ৷

Advertisment

বিদ্যালয় কৰ্তৃপক্ষৰ আমন্ত্ৰণ ক্ৰমে অহা শ্যামে তাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক গছত কি দৰে অৰ্কিড স্থাপন কৰিব লাগে সেই বিষয়ে জ্ঞান শিকোৱাৰ লগতে ইয়াৰ সংৰক্ষণৰ বাবে ল'বলগীয়া ব্যৱস্থাসমূহৰ বিষয়েও জনায় ৷

বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে অতি আগ্ৰহেৰে বিদ্যালয়খনৰ চৌহদত ঘৰৰ পৰা লৈ অহা অৰ্কিডসমূহ স্থাপন কৰা দেখা যায় ৷ উল্লেখযোগ্য যে, অদূৰ ভৱিষ্যতে বিদ্যালয়খনিৰ চৌহদত এটি অৰ্কিড সংৰক্ষণ কেন্দ্ৰ স্থাপনৰ লক্ষ লোৱা বুলি চলা উচ্চ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিছে ৷

Also Read: দীঘলীপুখুৰীৰ লগত অসমীয়াৰ আৱেগো ১৫ বছৰলৈ লিজত দিলে অসম চৰকাৰে...

চৰাইদেউ