'যি মানুহে মদ খায় গাড়ী চলাই, তেনে মানুহক যমৰাজে লৈ যায়'

'যি মানুহে মদ খায় গাড়ী চলাই, তেনে মানুহক যমৰাজে লৈ যায়'
'যি মানুহে মদ খায় গাড়ী চলাই, তেনে মানুহক যমৰাজে লৈ যায়'

ডিজিটেল সংবাদ লামডিঙঃ আজি পুৱাৰ ভাগত হোজাই জিলা পৰিবহন বিভাগৰ ফালৰ পৰা লামডিঙ মহাবিদ্যালয়ৰ পেক্ষাগৃহত এখনি সজাগতা সভাৰ আয়োজন কৰে ৷ উক্ত সজাগতা সভাখনত শিক্ষাৰ্থী, সচেতন নাগৰিক, অধ্যাপক অধ্যাপিকাৰ লগতে লামডিঙ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু হোজাই জিলা পৰিবহনৰ অধিকাৰী উপস্থিত থাকে ৷

পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে লামডিং আৰক্ষীৰ লগতে হোজাই জিলা পৰিবহণ বিভাগে বিশেষ ভূমিকা লৈ অহাৰ লগতে ৰাইজৰ বাবে আগন্তুক দিনত ভাল পদক্ষেপ হাতত ল'ব বুলি জনায় ৷ অহা নতুন বছৰৰ প্ৰাকমুহূৰ্তত নিচা সেৱন কৰি গাড়ী চলোৱা, হেলমেট ব্যৱহাৰ নকৰা, গাড়ীৰ চিটবেল্ট ব্যৱহাৰ নকৰাৰ আদি বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সকলো ৰোধ কৰাৰ চেষ্টা চলাইছে হোজাই জিলা পৰিবহণ বিভাগৰ লগতে লামডিং আৰক্ষীয়ে ৷

হোজাই জিলাৰ লগতে লামডিং আৰক্ষীয়ে প্ৰতিদিনে নিয়মীয়াকৈ তালাচী চলাই সকলো ধৰণৰ কৰ্তব্য পালন কৰি আহিছে সচেতন নাগৰিকৰ বাবে ৷ আনফালে আজি সভাৰ লগত সংগতি ৰাখি এখনি বাটৰ নাটক প্ৰদৰ্শনৰ মাধ্যমেৰে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা পৰিলক্ষিত হয় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in