‘অৱতাৰ ২’ চাই থাকোতেই এজনৰ মৃত্যু

‘অৱতাৰ ২’ চাই থাকোতেই এজনৰ মৃত্যু

ডিজিটেল ডেস্ক: সম্প্ৰতি ছবিগৃহত প্ৰভাৱ বিস্তাৰ কৰি আছে বহু চৰ্চিত ‘অৱতাৰ’ৰ ছিকুৱেল ছবি ‘অৱতাৰ দ্য ৱে অৱ ৱাটাৰ’ৰে।১৬ ডিচেম্বৰত বিশ্বজুৰি মুক্তি লাভ কৰা এই ছবিখনক সকলো চামৰ দৰ্শকেই সমানেই আঁকোৱালি লৈছে।প্ৰতিটো ছবিগৃহতে এই ছবিখন সফলতাৰে চলি থকাৰ মাজতেই আহি পৰিছে এক বেয়া খবৰ।

হয়, এই ছবিখন উপভোগ কৰি থাকোতেই এজন লোকৰ মৃত্যু হৈছে। এই ঘটনাটো ঘটিছে অন্ধ্ৰ প্ৰদেশত।ৰাজ্যখনৰ কাকিনাদা জিলাৰ পেড্ডাপুৰম চহৰত শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত এই ছবিখন উপভোগ কৰি থাকোতেই লোকজনৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।লোকজনৰ নাম লক্ষ্মীৰেড্ডী শ্ৰীনু।

‘অৱতাৰ ২’ চাই থাকোতেই এজনৰ মৃত্যু
২১ বছৰৰ পাছত ভাৰতলৈ ঘূৰি আহিল ‘মিছেছ ইণ্ডিয়া’ৰ খিতাপ

লক্ষ্মীৰেড্ডী শ্ৰীনুয়ে তেওঁৰ ভাতৃ ৰাজুৰ সৈতে অৱতাৰ দ্য ৱে অৱ ৱাটাৰ চাবলৈ পেড্ডাপুৰমৰ এটা ছবি গৃহলৈ গৈছিল।প্ৰথমে সকলো ঠিকেই আছিল যদিও ছবিখন চাই থকাৰ মাজতেই শ্ৰীনু বাগৰি পৰে। তেওঁৰ ভাতৃ ৰাজুৱে লগে লগে তেওঁক পেড্ডাপুৰম চৰকাৰী চিকিৎসালয়লৈ লৈ যায়, যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।লোকজন উচ্চ ৰক্তচাপতো আক্ৰান্ত হৈ আছিল।চিকিৎসকৰ মতে, ছবিখন চাই অধিক উত্তেজিত হৈ যোৱাৰ বাবেই লোকজনে অকাল মৃত্যুক সাবটি ল’বলগীয়া হয়।

উল্লেখ্য যে, টাইৱানৰ এজন ৪২বছৰীয়া ব্যক্তিয়ে ২০১০চনত মুক্তি পোৱা 'অৱতাৰ' ছবিখনৰ প্ৰথম অংশটো চাই থাকোতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in