২১ বছৰৰ পাছত ভাৰতলৈ ঘূৰি আহিল ‘মিছেছ ইণ্ডিয়া’ৰ খিতাপ

২১ বছৰৰ পাছত ভাৰতলৈ ঘূৰি আহিল ‘মিছেছ ইণ্ডিয়া’ৰ খিতাপ

ডিজিটেল ডেস্ক: সুদীৰ্ঘ ২১ বছৰৰ পাছত ভাৰতীয় সুন্দৰী সৰগম কৌশলৰ শিৰত উজলিল ‘মিছেছ ইণ্ডিয়া ২০২২’ৰ মুকুট।সৰগমে ৬৩খন দেশৰ সুন্দৰী প্ৰতিযোগীক পৰাস্ত কৰি ভাৰতলৈ এই খিতাপ কঢ়িয়াই আনিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ‘মিছেছ ৱৰ্ল্ড ২০২১’ শ্বেলিন ফৰ্ডে শনিবাৰে সন্ধিয়া ৱেষ্টগেট লাছ ভেগাছ ৰিজৰ্ট আৰু কেচিন’ত আয়োজিত এক অনুষ্ঠানত মুম্বাইৰ সৰগম কৌশলক এই খিতাপ প্ৰদান কৰে।

বিশ্বৰ বুকুত ভাৰতৰ নাম জিলিকাই তোলা সৰগম কৌশলৰ বিষয়ে কিছু জানো আহক-


সৰগম কৌশলৰ জন্ম ১৯৯০ চনৰ ১৭ ছেপ্টেম্বৰত।তেওঁৰ পিতৃৰ নাম জি এছ কৌশল, মাতৃৰ নাম ৰীমা খাজুৰিয়া আৰু একমাত্ৰ ভাতৃৰ নাম মন্থন কৌশল।

সৰগমৰ প্ৰকৃত ঘৰ জম্মুত যদিও বৰ্তমান তেওঁ মুম্বাইত বাস কৰে।

সৰগম কৌশলে ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে।ইয়াৰ পূৰ্বে তেওঁ ভাইজাগত শিক্ষয়িত্ৰী হিচাপে কাম কৰিছিল।

সৰগম কৌশলৰ স্বামীৰ নাম আদি কৌশল। তেওঁ ভাৰতীয় নৌসেনাত কৰ্মৰত।

চলিত বছৰৰ জুন মাহত তেওঁ ‘মিছেছ ইণ্ডিয়া ৱৰ্ল্ড ২০২২’ৰ খিতাপ জয় কৰিছিল।তেওঁক দেশৰ ৫১ গৰাকী প্ৰতিযোগীৰ মাজৰ পৰা বাছনি কৰা হৈছিল।

খিতাপ জয় কৰি সৰগমে পোন প্ৰথমে প্ৰকাশ কৰা প্ৰতিক্ৰিয়া আছিল- ‘আমি ২১ বছৰৰ পিছত এই মুকুটটো ঘুৰাই পাইছো। মই বহুত সুখী। লাভ ইউ ইণ্ডিয়া, লাভ ইউ ৱৰ্ল্ড।’

২১ বছৰৰ পাছত ভাৰতলৈ ঘূৰি আহিল ‘মিছেছ ইণ্ডিয়া’ৰ খিতাপ
'কে বি চি'ত আৰু দেখিবলৈ পোৱা নাযাব 'বিগ বি'ক

উল্লেখ্য, মিছেছ ৱৰ্ল্ড হৈছে বিবাহিত মহিলাসকলৰ বাবে আয়োজিত এক অন্যতম সৌন্দৰ্য্য প্ৰতিযোগিতা।এই প্ৰতিযোগীতা ১৯৮৪ চনৰ পৰা আয়োজিত হৈ আহিছে।সৰগম কৌশলৰ পূৰ্বে ২০০১ চনত মিছেছ ৱৰ্ল্ডৰ খিতাপ অৰ্জন কৰিছিল অদিতি গভিত্ৰীকাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in