Advertisment

বিমলা গগৈ গোহাঁইৰ বিহু শ্ৰব্য কেছেট “লিলি বাসন্তী” উন্মোচন….

উন্মোচনীৰ আগেয়ে বন্তি প্ৰজ্বলনেৰে কাৰ্য্যসূচী শুভাৰম্ভণী কৰে অৱসৰপ্ৰাপ্ত অভিযন্তা প্ৰদীপ দত্তই ৷ উন্মোচনী ভাষণত বিশিষ্ট কণ্ঠশিল্পী ড° বনজিত ভট্টই বিমলা গগৈ গোহাঁইৰ এই দীৰ্ঘ সাংস্কৃতিক যাত্ৰাত অসমৰ সংস্কৃতিৰ জগতখনলৈ বহুমূলীয়া বৰঙনিৰ শলাগ লয় ৷

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি জিলা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত সোমবাৰে সন্ধিয়া ধেমাজি কাছাৰী ময়দানত উন্মোচন কৰা হয় এখনি শ্ৰব্য কেছেট । আইদেউ সন্দিকৈ বটাঁপ্ৰাপক লোকশ্ৰী বিমলা গগৈ গোহাঁইৰ নৱতম বিহু শ্ৰব্য কেছেট “লিলি বাসন্তী” আনুষ্ঠানিকভাৱে উন্মোচন কৰে ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ তথা বিশিষ্ট কণ্ঠশিল্পী ড° বনজিত ভট্টই ৷ 

Advertisment

অভিজ্ঞ তথা বয়োজ্যেষ্ঠ মহিলা বিমলা গগৈ গোঁহাইৰ বিহুৰ এলবামত সুমধুৰ কণ্ঠ দিছে নৱজ্যোতি বৰা, প্ৰজ্ঞাশ্ৰী ফুকন আৰু এমিলি দুৱৰাই ৷ সংগীত দিছে অজিত কোঁচে, ঢোল বাদন চুইট চেতিয়াৰ, বাঁহীত ধৰ্ম হাজৰিকা, শব্দ সংমিশ্ৰণ ও বানীবন্ধনত আছে মহেন্দ্ৰ দত্ত(পৰি ষ্টুডিঅ) ৷ 

উন্মোচনীৰ আগেয়ে বন্তি প্ৰজ্বলনেৰে কাৰ্য্যসূচী শুভাৰম্ভণী কৰে অৱসৰপ্ৰাপ্ত অভিযন্তা প্ৰদীপ দত্তই ৷ উন্মোচনী ভাষণত বিশিষ্ট কণ্ঠশিল্পী ড° বনজিত ভট্টই বিমলা গগৈ গোহাঁইৰ এই দীৰ্ঘ সাংস্কৃতিক যাত্ৰাত অসমৰ সংস্কৃতিৰ জগতখনলৈ বহুমূলীয়া বৰঙনিৰ শলাগ লয় ৷

পথাৰৰ বিহু মঞ্চ আৰু শেষত পাঠ্যপুথিৰ অংশ হোৱাৰ যাত্ৰাত বিমলা গগৈ গোহাঁইৰ বৰঙনিৰ কথা উল্লেখ কৰে ৷ ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী তথা শিল্পী জোনমণি হাজৰিকাই আঁত ধৰা অনুষ্ঠানত ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপকদ্বয় প্ৰযোজক বিনয় কলিতা আৰু বিশিষ্ট কণ্ঠশিল্পী ড° শংকৰ পাটোৱাৰী আৰু বিমলা গগৈ গোহাঁইয়ে বক্তব্য ৰাখে ৷ 

উন্মোচনী সভাত ধেমাজি লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ড° কবিতা গগৈ, ধেমাজি নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ তোলন কোঁৱৰ, গোগামুখ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক তথা লিখক-গীতিকাৰ, সুৰকাৰ দিগন্ত কাকতি, ধেমাজি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা তথা বিশিষ্ট লেখিকা বন্দনা দত্ত হাজৰিকা, অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰবীন গগৈ, শিল্পী দেৱ কাকতি,পল্লবী তামুলী কোঁৱৰ আৰু ফটিক চুতীয়া আদি বিশিষ্ট সকল উপস্থিত থাকে ৷

অনুষ্ঠানৰ আৰম্ভণিতে বিমলা গগৈ গোহাঁইৰ পৰিয়ালৰ ফালৰ পৰা অতিথি সকলক একোখনকৈ ফুলাম গামোছাৰে আদৰণি জনোৱা হয় ৷ অনুষ্ঠানত ধেমাজি প্ৰেছ ক্লাৱৰ প্ৰাক্তন সম্পাদক জিতু শইকীয়া, সাংবাদিক ক্ৰমে মনবিকাশ বৰগোহাঁই, জয়ন্ত বৰা,অপৰাজিতা বুঢ়াগোহাঁই উপস্থিত থাকে ৷  

ধেমাজি