ভয়ংকৰ অগ্নিকাণ্ডত প্ৰাণ গ’ল প্ৰায় ২৬ জনৰ,এতিয়াও আৱদ্ধ বহুতো…

ভয়ংকৰ অগ্নিকাণ্ডত প্ৰাণ গ’ল প্ৰায় ২৬ জনৰ,এতিয়াও আৱদ্ধ বহুতো…

author-image
asomiyapratidin
New Update
ভয়ংকৰ অগ্নিকাণ্ডত প্ৰাণ গ’ল প্ৰায় ২৬ জনৰ,এতিয়াও আৱদ্ধ বহুতো…

ডিজিটেল ডেস্ক: এক ভয়ংকৰ অগ্নিকাণ্ডই জোকাৰি যায় ৰাজধানী দিল্লী।শুকুৰবাৰে দিল্লীৰ মুন্দাকা অঞ্চলত এটা অট্টালিকাত সূত্ৰপাত হয় এই অগ্নিকাণ্ডৰ।

এই অগ্নিকাণ্ড ইমানেই ভয়ংকৰ আছিল যে কম সময়তে সকলো অট্টালিকাটোত থকা সা-সম্পত্তি জ্বলি চাই হৈ যায়।

এই ঘটনাৰ পাছতেই বৰ্তমান সময়লৈকে প্ৰায় ২৬ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃত সমূহৰ ভিতৰত মহিলাৰ সংখ্যা বেছি বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, অট্টালিকাটোৰ ভিতৰত এতিয়াও বহু লোক আৱদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। এই জুই নিৰ্বাপন কৰিবৰ বাবে অগ্নিনিৰ্বাপক বাহিনীও বহু প্ৰত্যাহ্বানৰ সন্মুখীন হবলগীয়া হয়।

জানিব পৰা মতে আজি আৱেলি প্ৰায় ৪.৪৫ বজাত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। বহুলোকক উদ্ধাৰ কৰাও হৈছে।

আৰু পঢ়ক: সকলো ফালে পানী, নাই কেৱল খোৱাপানী…

fire delhi