সকলো ফালে পানী, নাই কেৱল খোৱাপানী…

সকলো ফালে পানী, নাই কেৱল খোৱাপানী…

বৰষা শৰ্মা

স্মাৰ্ট চিটি গুৱাহাটী। স্মাৰ্ট চিটি বুলি ক'লেই ধাৰণা এটা মনলৈ আহে যে চাৰিওফালে বিকাশ, প্ৰগতি, ভাল ৰাস্তা ঘাট, উদ্যোগ, অট্টালিকা আদিৰে সমাহাৰ এখন ঠাই। কিন্তু স্মাৰ্ট চিটি গুৱাহাটীৰ ক্ষেত্ৰত এখন বেলেগ ছবিহে মনলৈ আহে। ঠায়ে ঠায়ে নিৰ্মাণ কৰি থকা ফ্লাই অভাৰ, বিভিন্ন বিকাশৰ পদক্ষেপৰ লগতে চকুৰ আগত আহে বানে বুৰাই পেলোৱা গুৱাহাটী।

বানপানী কোনো নতুন সমস্যা নহয়। কৃত্ৰিম বানপানীৰ ফলতো ৰাজপথতেই নদী সদৃশ পৰিৱেশৰ সৃষ্টি হোৱা দৃশ্য নতুন নহয়। এজাক বৰষুণতেই পানীত ডুব যায় গুৱাহাটী মহানগৰী। এয়াই সত্য, এয়াই স্মাৰ্ট চিটিৰ অৱস্থা।

আজিও একেই অৱস্থা হয় মহানগৰীত। এজাক বৰষুণ, তাৰপাছতেই মহানগৰীত কৃত্ৰিম বান। হাতীগাঁও, চানমাৰী,বেলতলা আদিকে ধৰি একাংশ অঞ্চল ডুৱ গ'ল কৃত্ৰিম বানত।বাদ নপৰিল দিছপুৰো। ৰজাঘৰীয়াৰ স্থানো ডুবালে বৰষুণে। কৰবাত এক আঁঠু কৰবাত একঁকাল পানীৰ মাজতেই চলিছে যান্ত্ৰিক মহানগৰী।

মানুহে নিজৰ নিজৰ কৰ্তব্যলৈ যাবই লাগিব। কিন্তু যাব কেনেকৈ? প্ৰতিবছৰে কৃত্ৰিম বানমুক্ত গুৱাহাটীৰ সপোন দেখা ৰাইজে দুৰ্গন্ধময়, লেতেৰা পানীৰ মাজে মাজে ঢাপলি মেলিছে কামলৈ, কৰি গৈছে কৰ্তব্য। কিন্তু এনেকৈ কিমান দিন যমৰ যাতনা ভুগিব মহানগৰবাসীয়ে?

বহু প্ৰতিশ্ৰুতিৰে বিজেপি আহিছিল শাসনলৈ। এই প্ৰতিশ্ৰুতি সমূহৰ ভিতৰত বানপানীৰ সমস্যাও আছে। কিন্তু মহানগৰীত কৃত্ৰিম বানপানীৰ সমস্যা সমাধান কৰিব নোৱাৰিলে চৰকাৰে। এজাক বৰষুণ দিলেই আলৈ আথানি হয় মহানগৰবাসীৰ। এই ক্ষেত্ৰত বিফল চৰকাৰ।

গুৱাহাটী পৌৰ নিগমে অৱশ্যে কোনো ব্যৱস্থা গ্ৰহণ নকৰা নহয়। মাজে সময়ে গুৱাহাটীৰ নলা-নৰ্দমা সমূহ চাফা কৰে। নিৰ্বাচনৰ সময়ত অৱশ্যে পাহৰি নাযায়।

এইবাৰো জিএমচিয়ে স্মাৰ্ট চিটিৰ কৃত্ৰিম বানপানীৰ সমস্যা দূৰ কৰিবৰ বাবে মহানগৰখনৰ নলাবোৰ নিষ্কাশন কৰাৰ বাবে দহটা চুপাৰ চুকাৰ মা-চিন ক্ৰয় কৰি এক পদক্ষেপ গ্ৰহণ কৰিছিল। ইয়াৰ লগতে দুটাকৈ ডাম্প টেংকৰ বাবে ৰাজ্য চৰকাৰে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডৰ (জিএছচিএল) পুঁজিৰ পৰা ২৫ কোটি টকা ব্যয় কৰিছিল।কেৱল ইমানেই নহয়, বিভিন্ন ক্ষেত্ৰত এই মেচিন কেইটাৰ বাবে প্ৰতিদিনেই ব্যয় হৈছে প্ৰায় ১ লাখ টকা। অৱশ্যে পানী শোধনৰ বাবে অনা দুটাকৈ ডাম্প আজি বেয়া হৈ আছিল। এই কথা স্বীকাৰ কৰিছে মন্ত্ৰী অশোক সিংঘালেও। লগতে কয় যে তদন্ত হ'ব।

মহুৰ্ততে কোটি কোটি টকা উটি গ'ল কৃত্ৰিম বানত। মাজে সময়ে এই যন্ত্ৰ সমূহৰ দ্বাৰা কোনো কোনো অঞ্চলত নলা নিষ্কাষণ কৰা দেখা গৈছে যদিও ইয়াৰ ফলাফল আজি মহানগৰীৰ চকুৰ সন্মুখত ওলাই পৰিছে।যমৰ যতনা ভুগিয়েই আছে মহানগৰীৰ বাসীয়ে।

গুৱাহাটীত বিকাশৰ নামত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে চৰকাৰে।এতিয়া গুৱাহাটীৰ ঠায়ে ঠায়ে কেৱল ফ্লাই অ'ভাৰ। এডালৰ পাছত আনডাল গছ কাটিছে আৰু বনাইছে ফ্লাই অভাৰ। কিন্তু বিকাশ কেৱল ইমানতেই সীমাবদ্ধ নেকি?

মহানগৰবাসীয়ে অতদিনে ভুগি থকা সমস্যা সমূহ সমাধান কৰাটো অতি জৰুৰী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সপোন দেখিছে অসমক লৈ, গুৱাহাটীক লৈ। গুৱাহাটীত সলনি কৰাৰ পৰিকল্পনা মুখ্যমন্ত্ৰী গৰাকীৰ। শুকুৰবাৰে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে আকাশ চোৱাৰ মন আছে তেওঁৰ।

তেওঁ কয় যে চিংগাপুৰ, বেংককৰ সৈতে ফেৰ মাৰিব পাৰিব গুৱাহাটীয়ে। মহানগৰীত হ'ব ফেৰী টাৰ্মিনেল।ইয়াৰ পৰা অতি সহজে যাব পাৰিব কামাখ্যালৈ। জাহাজত উঠি ব্ৰহ্মপুত্ৰ পাৰ লৈ এলিভেটৰেৰে কামাখ্যা পাহাৰত উঠিব পাৰিব। ৬ মাহৰ ভিতৰতে হ'ব এই কাম। আৰু এই ব্যৱস্থা দেশৰ ভিতৰতে প্ৰথম বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে। ইয়াৰোপৰি আৰু গুৱাহাটীক লৈ বিভিন্ন সপোনৰ কথা কয় মুখ্যমন্ত্ৰীয়ে।

বিকাশ লাগে, আধুনিকতা লাগে। কিন্তু মূল সমস্যা সমাধান হ'ব কেতিয়া? পানীৰ সমস্যা গুৱাহাটী মহানগৰবাসীৰ বাবে মূল। একাংশৰ খাবৰ বাবে পানীৰ অভাৱ আৰু বৰষুণ দিলেই কৃত্ৰিম বানৰ বাবে খোজ দিয়া ঠাইৰ অভাৱ। মুঠতে গুৱাহাটীৰ সমস্যা বুলি ক'লে মূলত পানী।

ইয়াৰোপৰি কেইদিন মান আগতে গুৱাহাটীত হৈ যায় গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন। দল সমূহে কৰা প্ৰতিশ্ৰুতি সমূহৰ মাজত মূল আছিল কৃত্ৰিম বানপানীৰ সমস্যা দূৰ কৰা, পানীৰ সমস্যা দূৰ কৰা। ইয়াৰ পাছতেই গুৱাহটী পৌৰ নিগম দখললৈ যায় বিজেপিৰ। প্ৰায় ৫৩ শতাংশহে ভোটদান হৈছিল এই নিৰ্বাচনত। গতিকে জনতাৰ যে বিশ্বাস নোহোৱা হৈ পৰিছে সেই কথা স্পষ্ট হৈ পৰিছে।

অন্যহাতে আজি হোৱা কৃত্ৰিম বানৰ মাজতেই জিএমচিৰ নৱ নিৰ্বাচিত পাৰিষদে ল'লে শপত। জিএমচিৰ নতুন মেয়ৰ হিচাপে শপত লয় মৃগাংক শইকীয়াই। শপত লৈয়ে মেয়ৰে কয় যে জিএমচিয়ে চেষ্টা কৰি আছে।

তদুপৰি  কৃত্ৰিম বান মুক্ত কৰাৰ বাবে প্ৰায় ৩ বছৰ সময় লাগিব বুলি কয় মন্ত্ৰী অশোক সিংঘালে। তেওঁ কয় যে ১০০ শতাংশ নিষ্পত্তি নহয় কিন্তু চেষ্টা কৰিব। মন্ত্ৰী গৰাকীয়ে লগতে কয় যে তেওঁলোকে যথেষ্ঠ কাম কৰিছে আৰু পূৰ্বতকৈ পানী কমিছে। আজি গুৱাহাটীত হোৱা পানীৰ দেখিও মন্ত্ৰী গৰাকীৰ এই গা এৰা মন্তব্য নিন্দনীয়।

চৰকাৰ আহিছে,সলনি হৈছে। কেৱল সলনি হোৱা নাই গুৱাহাটীবাসীৰ সমস্যা। মহানগৰবাসীয়ে বিকাশ বিচাৰে। আধুনিকতাৰ সৈতে খোজত খোজ মিলাই যাবলৈ গুৱাহাটীবাসীয়েও বিচাৰে কিন্তু সমস্যা সমূহৰ পৰা পৰিত্ৰাণ পোৱাটোও আৱশ্যক।

কোনো মন্ত্ৰীয়ে গা এৰা মন্তব্য দিলেই, তদন্ত হ'ব বুলি কলেই সমস্যা শেষ হৈ নাযায়। সকলো ক্ষেত্ৰত চালি জাৰি চাব লাগিব। গা এৰা মন্তব্য শুনাৰ বাবে হয়তো তেওঁলোকক ৰাইজে নিৰ্বাচিত নকৰে।

অৱশ্যে ইয়াৰ ক্ষেত্ৰত কেৱল চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষক জগৰীয়া কৰিলেই নহ'ব। ইয়াৰ বাবে কোনো এটা ক্ষেত্ৰত মহানগৰবাসীয়ে দিছে অৰিহনা। গুৱাহাটীখনক ধুনীয়া কৰি ৰখাৰ দায়িত্ব আমাৰো আছে। স্মাৰ্ট চিটি হোৱা সপোন দেখাৰ লগতে আমি স্মাৰ্ট মানুহৰ দৰে কাম কৰিব লাগিব।

বহু সময়ত দেখা যায় যে একাংশ লোকেই ৰাজপথতেই জাবোৰ জোথৰ পেলায় লেতেৰা কৰে। য'তে ত'তে প্লাষ্টিকৰ বটল বিভিন্ন সামগ্ৰী পেলায়। নলা নৰ্দমান সমূহ লেতেৰা কৰাত একাংশৰ অৰিহনা নথকা নহয়। কৃত্ৰিম বানৰ সমস্যা হ্ৰাস কৰিবলৈ বা পৰিত্ৰাণ পাবলৈ আমিও সৰু সৰু পদক্ষেপ গ্ৰহণ কৰিব লাগিব।তেতিয়াহে প্ৰকৃত অৰ্থত গুৱাহাটী হ'ব স্মাৰ্ট চিটি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in