/asomiyapratidin/media/media_files/2025/01/27/hUV8azotQIrypgxnKugi.jpg)
ডিজিটেল ডেস্কঃ দেওবাৰে দক্ষিণ লেবাননত প্ৰতিবাদকাৰীক প্ৰত্যাহাৰৰ দাবীত ইজৰাইল বাহিনীয়ে গুলীবৰ্ষণ কৰে। উক্ত গুলীচালনাৰ ঘটনাত কমেও ২২ জন লোক নিহত হোৱাৰ লগতে ১২৪ জনতকৈ অধিক লোক আহত হোৱা বুলি লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ে জানিবলৈ দিছে।
প্ৰাপ্ত তথ্য অনুসৰি, নিহতসকলৰ ভিতৰত ৬ গৰাকী মহিলা আৰু এগৰাকী লেবাননৰ সেনা জোৱান আছে। সীমান্ত অঞ্চলৰ ২০ খনতকৈও অধিক গাঁৱত লোক আহত হৈছে। উল্লেখ্য যে ইজৰাইল-হিজবুল্লাহৰ যুদ্ধ বন্ধ কৰিবলৈ নৱেম্বৰৰ শেষৰ ফালে ইজৰাইলী বাহিনীয়ে প্ৰত্যাহাৰ কৰিব লাগিছিল।
ইয়াৰ অধীনত ইজৰাইলৰ সেনাই নিৰ্ধাৰিত ৬০ দিনৰ সময়সীমাৰ ভিতৰত দক্ষিণ লেবাননৰ পৰা আঁতৰি আহিব লাগিছিল যদিও সেয়া নহ’ল। ইয়াৰ প্ৰতিবাদত প্ৰতিবাদকাৰীসকলে কেবখনো গাঁৱত প্ৰৱেশৰ চেষ্টা চলায়। একাংশ প্ৰতিবাদকাৰীয়ে হিজবুল্লাহৰ পতাকা কঢ়িয়াই লৈ ফুৰা বুলিও জানিব পৰা গৈছে।
দেওবাৰৰ প্ৰতিবাদক উচটনি দিয়াৰ বাবে ইজৰাইলৰ সেনাই হিজবুল্লাহক দোষাৰোপ কৰে ৷ ইজৰাইলৰ সেনাই এক বিবৃতিত কয় যে, তেওঁলোকৰ সৈন্যই সন্দেহজনক লোকৰ উপস্থিতি ধৰা পৰা কেইবাটাও অঞ্চলত সতৰ্কবাণীমূলক গুলীচালনা কৰিছিল। বিবৃতি অনুসৰি ইজৰাইলৰ সৈন্যই কেইবাজনো সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে।