/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/58902a3c-b1df-4c06-b3dc-e225424f6679/e2d71cc6_6037_4fee_9409_067ef8d259d3.jpg)
ডিজিটেল ডেস্কঃ জ্যোতিষ শাস্ত্ৰৰ মতে, কিছুমান বিশেষ লোকৰ ওপৰত হনুমানৰ আশীষ অইন লোকতকৈ বেছিকৈ থাকে। যদিহে আপোনাৰ জন্ম কোনো মাহৰ ৯, ১৮ নাইবা ২৭তাৰিখত হৈছে তেন্তে আপোনাৰ ওপৰত বেলেগতকৈ হনুমানৰ আশীষ বেছিকৈ থাকে। এই তাৰিখ তিনিটাত জন্ম হোৱা লোকৰ মূল্যংক (MULANK)হৈছে ৯.৯। এই মূল্যংকৰ লোকৰ ওপৰত বিশেষ ভাৱে কৃপা থাকে হনুমানৰ। এই মূল্যংকৰ লোকে যদি নিষ্ঠাৰে হনুমানৰ পূজা কৰে তেন্তে শুভ ফল প্ৰাপ্তি হোৱাটো একপ্ৰকাৰৰ নিশ্চিত।
মূল্যংক ৯ৰ সম্পৰ্ক আছে মঙ্গল গ্ৰহৰ সৈতেও। মঙ্গল গ্ৰহৰ সৈতে হনুমানৰ বিশেষ সম্পৰ্ক আছে। যাৰ বাবে কোনো মাহৰ ৯, ১৮ আৰু ২৭তাৰিখত জন্ম হোৱা লোক অইন লোকতকৈ অধিক কৰ্মোদ্যমী হয়। যাৰ বাবে মূল্যংক ৯ৰ লোকসকলে কোনো সিদ্ধান্ত সবলভাৱে গ্ৰহণ কৰিব পাৰে।
ভগৱান হনুমানৰ কৃপা থাকে বাবেই এনে লোক অতিপাত সাহসী হোৱাৰ লগতে যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পাৰে।
Also Read: বুদ্ধিজীৱী তথা অধ্যাপক ৰঞ্জিত নাথৰ শেষ নিশ্বাস ত্যাগ...