বুদ্ধিজীৱী তথা অধ্যাপক ৰঞ্জিত নাথৰ শেষ নিশ্বাস ত্যাগ...

বুদ্ধিজীৱী তথা অধ্যাপক ৰঞ্জিত নাথৰ শেষ নিশ্বাস ত্যাগ...

ডিজিটেল সংবাদ,বেবেজীয়াঃ ৰাজ্যখনৰ এগৰাকী প্ৰচাৰ বিমুখ বুদ্ধিজীৱী তথা অধ্যাপক, চহৰৰ মহাত্মা গান্ধী পথৰ নিবাসী ৰঞ্জিত নাথৰ সোমবাৰে নিশা প্ৰায় ১.৩০ বজাত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয়।

১৯৫৬ চনত চহৰৰ নিউ আমোলাপট্টিত জন্ম গ্ৰহণ কৰা বিশিষ্ট অধিবক্তা ৰঞ্জিত নাথে আৰৱান স্কুলত শিক্ষা জীৱন আৰম্ভ কৰে। পৰবৰ্তী সময়ত ১৯৬২ চনত নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ত নামভৰ্তি কৰে।

নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত বিজ্ঞান শাখাত নাম ভৰ্তি কৰি সুখ্যাতিৰে উত্তীৰ্ণ হয়।তেওঁ ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।

ইয়াৰ পিছত নাথে গুৱাহাটী বিশ্ববিদ্যালয়ত সাংবাদিকতাৰ পাঠ্যক্ৰম গ্ৰহণ কৰে। পাছত গুৱাহাটী বিশ্ববিদ্যালয়তে সাংবাদিকতা বিভাগত অধ্যাপনা আৰম্ভ কৰে। সমান্তৰাল ভাবে গুৱাহাটী বিশ্ববিদ্যালয়ত আইনৰ শিক্ষা গ্ৰহণ কৰি ১৯৮১ চনত আইনৰ ডিগ্ৰী লাভ কৰে। ইয়াৰ পাছতে তেখেতে নগাঁৱলৈ উভতি আহি ১৯৮২ চনৰ ৭ জুলাইত নগাঁও আইন মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে।

২০০২ চনত তেওঁ অৱসৰ গ্ৰহণ কৰে। ইয়াৰ পাছত তেওঁ নগাঁও উকীল সন্থাৰ সদস্য পদ গ্ৰহণ কৰে যদিও নিয়মীয়াকৈ আইন সেৱা আগবঢ়োৱাৰ পৰা বিৰত আছিল। অৱশ্যে অধ্যাপক নাথে কোম্পানী সমূহৰ কাম ঘৰতে থাকি সেৱা আগবঢ়ায় আহিছিল। উল্লেখযোগ্য যে, অতি জনপ্ৰিয়, ভদ্ৰ-নম্ৰ তথা মেধা সংবেদনশীল ব্যক্তি ৰঞ্জিত নাথে গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি থকা অৱস্থাতে মাহেকীয়া কবিতাৰ আলোচনী প্ৰকাশ কৰিছিল।

য'ত স্বনামধন্য বুদ্ধিজীৱী হীৰেন গোহাঁই, হীৰেন ভট্টাচাৰ্যৰ দৰে ব্যক্তিৰ সৃষ্টি প্ৰকাশ কৰিছিল। তদুপৰি বিগত অসম আন্দোলনৰ সময়ছোৱাত তেওঁৰ একান্ত প্ৰচেষ্টাত নগাঁৱৰ শেৱালী প্ৰিণ্টাৰ্ছত প্ৰিণ্টিং কৰি সংগ্ৰামী নামৰ এখন আলোচনী প্ৰকাশ কৰিছিল। তাৎপৰ্যপূৰ্ণ কথা যে বিগত অসম আন্দোলনৰ সময়ছোৱাত সদৌ অসম ছাত্ৰ সন্থা,গণ সংগ্ৰাম পৰিষদৰ যিকোনো স্মাৰক পত্ৰ ইংৰাজী ভাষালৈ অনুবাদ কৰি অসম আন্দোলনক আগবঢ়ায় নিয়াৰ ক্ষেত্ৰত ৰঞ্জিত নাথৰ অৱদান অতুলনীয়।

অতি অধ্যয়নপুষ্ট নাথৰ জ্ঞান গৰ্ভ সন্দৰ্ভত সৰ্বজন বিদিত। আনকি বিভিন্ন ৰাজনৈতিক দলে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী লৈ দিয়া স্মাৰক পত্ৰ তেওঁৰ হাতেৰে লিখাৰ বহু উদাহৰণ আছে। এনে এগৰাকী স্বাভিমানী অসমীয়াৰ মৃত্যুৰ বাতৰিয়ে ৰাজ্যৰ বৌদ্ধিক মহলত শোকৰ ছাঁ পেলাইছে।

তেওঁৰ মৃত্যুত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা, নগাঁও উকীল সন্থা, নগাঁও আইন মহাবিদ্যালয়, নগাঁও মহাবিদ্যালয়, সাংস্কৃতিক গোষ্ঠী কল্লোল, সদৌ নগাঁও জিলা ছাত্ৰ সন্থাকে ধৰি বহু অনুষ্ঠান- প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰে। লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু এগৰাকী কন্যাক ইহসংসাৰত এৰি থৈ যায়।

বুদ্ধিজীৱী তথা অধ্যাপক ৰঞ্জিত নাথৰ শেষ নিশ্বাস ত্যাগ...
অৱসৰপ্ৰাপ্ত বিষয়া প্ৰমিলা কন্দলীৰ দেহাৱসান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in