মুক্তিয়াৰ পঞ্চায়তৰ নৱনিৰ্বাচিত জনপ্রতিনিধিৰ দ্বায়িত্বভাৰ গ্ৰহণ

মানিকপুৰস্থিত ৰাসমন্দিৰ প্ৰাঙ্গণত অনুষ্ঠিত সভাৰ কাৰ্য্যসূচী অনুসৰি প্ৰথমে মানিকপুৰস্থিত ৰাসমন্দিৰ প্ৰাংগনত থকা অসম দৰ্শন আঁচনিৰ

author-image
Asomiya Pratidin
New Update
AP FOR WEB panchayat

ডিজিটেল সংবাদ, চিলাপথাৰ : চিচিবৰগাঁও উন্নয়ন খণ্ড অধীনস্থ মুক্তিয়াৰ গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত জনপ্ৰতিনিধি সকলৰ কাৰ্যভাৰ গ্ৰহণ লগতে অস্থায়ী কাৰ্যালয় মুকলিৰ বাবে দেওবাৰে এক ৰাজহুৱা সভা অনুষ্ঠিত হয়। মানিকপুৰস্থিত ৰাসমন্দিৰ প্ৰাঙ্গণত অনুষ্ঠিত সভাৰ কাৰ্য্যসূচী অনুসৰি প্ৰথমে মানিকপুৰস্থিত ৰাসমন্দিৰ প্ৰাংগনত থকা অসম দৰ্শন আঁচনিৰ অধীনত নিৰ্মিত গৃহত অস্থায়ীভাৱে মুক্তিয়াৰ গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ ফিটা কাটি শুভ উদ্বোধন কৰে সভানেত্ৰী ৰিম্পী দাসে।

ইয়াৰ পাছতেই পঞ্চায়তৰ সভানেত্ৰীৰ সঞ্চালনাত অনুষ্ঠিত নৱনিৰ্বাচিত প্ৰতিনিধি সকলৰ আদৰণী জনোৱা হয়। সচিব লালবাহাদুৰ চেত্ৰীয়ে উদেশ্য ব্যাখ্যা কৰা সভাত নতুন সভানেত্ৰী ৰিম্পী দাস,উপ-সভাপতি শম্ভু দাস সমন্বিতে ৱাৰ্ড সদস্য সদস্যা সকলক একোখনকৈ  ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়।

ইয়াৰ পিছতে মাংগলিক নিয়মৰ মিজেৰে কাৰ্যালয়ৰ দ্বাৰ উদঘাটন কৰা হয়।অনুষ্ঠানত চিচিবৰগাঁও আঞ্চলিক পঞ্চায়তৰ সভাপতি বিমল বড়া, ভাৰতীয় জনতা পাৰ্টীৰ চিলাপথাৰ মণ্ডল  উপ-সভাপতি জোন হাজৰিকা, মহিলা মৰ্চাৰ সভানেত্ৰী সুনতি বসুমতাৰী মিলি,যুৱ মৰ্চাৰ সভাপতি জ্যোতিস্মান চলিহাকে ধৰি কেবাজনো বিশিষ্ট ব্যক্তিয়ে পঞ্চায়তখনৰ উন্নয়নৰ স্বাৰ্থত সকলোকে সমিলমিলৰে কাম-কাজ আগুৱাই নিবলৈ আহ্বান জনায়। একেদৰে অনুষ্ঠানত ধেমাজি জিলাৰ বানবিধস্ত মুক্তিয়াৰ গাঁও পঞ্চায়তৰ সৰ্বাঙ্গীণ উন্নয়ন আৰু বিকাশৰ স্বাৰ্থত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'সবকা সাথ সবকা বিকাশ'ৰ শ্লগানক শিৰত লৈ সকলোৰে লগত মিলাপ্ৰীতিৰে চলিম বুলি ৰাইজৰ আগত প্ৰতিশ্ৰুতি প্ৰদান কৰে নৱ নিৰ্বাচিত প্ৰতিনিধিসকলে।

অনুষ্ঠানত মুক্তিয়াৰ গাঁও পঞ্চায়তৰ সচিব লালবাহাদুৰ চেত্ৰী, চিচিবৰগাঁও আঞ্চলিক পঞ্চায়তৰ উপসভাপতি অঞ্জন বসুমতাৰী,আঞ্চলিক সদস্য চন্দন দাস,চিলাপথাৰ মণ্ডল বিজেপিৰ সম্পাদক হৰি উপাধ্যায়,যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক সুজিত নাথ,অৱৰসৰপ্ৰাপ্ত শিক্ষক শম্ভু মণ্ডল,গাঁওপ্ৰধান মনোজ টায়োঙ,জীৱিকা সখী বনলতা পাৱ,পঞ্চায়তখনৰ সমূহ বিষয়ববীয়াকে ধৰি স্থানীয় বহু শিক্ষাবিদ- সমাজকৰ্মী আদি উপস্থিত থাকে।

চিলাপথাৰ