ৰৌতাৰ ইকৰাবাৰীত হস্ত নিৰ্মিত বোমা নিক্ষেপ..

ৰৌতা থানাৰ অন্তৰ্গত ইকৰাবাৰীত সংঘটিত হয় এই সন্দেহজনক বোমা নিক্ষেপৰ ঘটনা

author-image
Asomiya Pratidin
New Update
ৰৌতাৰ ইকৰাবাৰীত হস্ত নিৰ্মিত বোমা নিক্ষেপ..

ডিজিটেল সংবাদ, ওদালগুৰি: ৰৌতাৰ ইকৰাবাৰীত হাতে সজা বোমা নিক্ষেপৰ ঘটনা। ৰৌতা থানাৰ অন্তৰ্গত ইকৰাবাৰীত সংঘটিত হয় এই সন্দেহজনক বোমা নিক্ষেপৰ ঘটনা।

Advertisment

তন দাসৰ পৰিয়ালৰ বাসগৃহলৈ লক্ষ্য কৰি বোমা নিক্ষেপ কৰে দুৰ্বৃত্তই। কিছু দিন পূৰ্বে উগ্ৰপন্থী সংগঠন কে এল অৰ নামৰ দলটিয়ে ২৫ লাখ টকা দাবী কৰিছিল তন দাসক।

দাবী কৰা ধন নিদিয়াৰ বাবেই বোমাৰে ভাবুকি দিয়াৰ সন্দেহ। যোৱা নিশা ১২ মান বজাত সংঘটিত হয় এই ঘটনা। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Also Read: 10 Historical places in Assam: অসমৰ ঐতিহাসিক ঠাইসমূহ