বিজয় হাজাৰে ট্ৰফীৰ ফাইনেলত স্থান নিশ্চিত কৰাৰ লক্ষ্যৰে কাইলৈ মহাৰাষ্ট্ৰৰ বিপক্ষে অসম...

ৰুতুৰাজ গায়কৱাড়,ৰাহুল ত্ৰিপাঠী,কেদাৰ যাদৱ আদিৰ দৰে তাৰকা বেটছমেন। সেয়ে এইসকল অভিজ্ঞ বেটাৰৰ বিৰুদ্ধে অসমৰ বলাৰে কি ৰণনীতি প্ৰস্তুত কৰে সেয়াহে লক্ষ্যণীয়

author-image
Asomiya Pratidin
New Update
বিজয় হাজাৰে ট্ৰফীৰ ফাইনেলত স্থান নিশ্চিত কৰাৰ লক্ষ্যৰে কাইলৈ মহাৰাষ্ট্ৰৰ বিপক্ষে অসম...

অসম দলটো

ডিজিটেল ডেস্কঃ বিজয় হাজাৰে ট্ৰফীত দুৰ্দান্ত প্ৰদৰ্শন কৰিছে অসমে। কোৱাৰ্টাৰ ফাইনেলত জন্মু-কাশ্মীৰক হৰুৱাই ছেমি ফাইনেলত স্থান নিশ্চিত কৰিলে কুনাল শইকীয়া নেতৃত্বাধীন অসমে। দলৰ প্ৰতিভাৱান অলৰাউণ্ডাৰ ৰিয়ান পৰাগ আৰু ঋষভ দাসৰ অনবদ্য শতকৰ সহায়ত জন্মু-কাশ্মীৰক পৰাজিত কৰে।

Advertisment

উল্লেখ্য যে, কোৱাৰ্টাৰ ফাইনেলত জয়লাভ কৰাৰ সুবাদতে অসমে বুধবাৰে হ'বলগীয়া ছেমি ফাইনেলত মহাৰাষ্ট্ৰৰ বিৰুদ্ধে খেলপথাৰত নামিব। দলটোত আছে ৰুতুৰাজ গায়কৱাড়,ৰাহুল ত্ৰিপাঠী,কেদাৰ যাদৱ আদিৰ দৰে তাৰকা বেটছমেন। সেয়ে এইসকল অভিজ্ঞ বেটাৰৰ বিৰুদ্ধে অসমৰ বলাৰে কি ৰণনীতি প্ৰস্তুত কৰে সেয়াহে লক্ষ্যণীয়।

অসমৰ ৰিয়ান পৰাগ আৰু মহাৰাষ্ট্ৰৰ ৰুতুৰাজ
অসমৰ ৰিয়ান পৰাগ আৰু মহাৰাষ্ট্ৰৰ ৰুতুৰাজ

সম্প্ৰতি ৰুতুৰাজ গায়কৱাড় সুন্দৰ ফৰ্মত। কিয়নো শেহতীয়া মেচত ৰুতুৰাজে উত্তৰ প্ৰদেশৰ বিৰুদ্ধে দ্বি-শতকীয় ইনিংছ খেলাৰ ওপৰিও এক অভাৰত ৭টা অভাৰ বাউণ্ডেৰীৰে অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিছে। তেনে পৰিপ্ৰেক্ষিতত অসমৰ বলাৰে গায়কৱাড়কলৈ বিশেষ ৰণ কৌশল অৱলম্বন কৰিব লাগিব। মেচৰ সময়ঃ পুৱা ৯-০০ বজাত।

আৰু পঢ়কঃ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসম সন্তান হৃদয় হাজৰিকা...

assam assam cricket association vijay hazare trophy