ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসম সন্তান হৃদয় হাজৰিকা...

কেৰেলাত অনুষ্ঠিত হোৱা ৬৫ সংখ্যক ৰাষ্ট্ৰীয় শ্বুটিঙ চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত অসমৰ হৃদয় হাজৰিকাই ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে

author-image
Asomiya Pratidin
New Update
ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসম সন্তান হৃদয় হাজৰিকা...

hriday hazarika

ডিজিটেল ডেস্ক : কেৰেলাত অনুষ্ঠিত হোৱা ৬৫ সংখ্যক ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত অসমৰ হৃদয় হাজৰিকাই ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। মঙলবাৰে অনুষ্ঠিত হোৱা ফাইনেল খেলত প্ৰাক্তন বিশ্ব চেম্পিয়ন পঞ্জাৱৰ অৰ্জুন বাবুতাই হৃদয়ক ১৬-৮ পইন্টৰ ব্যৱধানত পৰাজিত কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

Advertisment

আনহাতে, ৬৫ সংখ্যক ৰাষ্ট্ৰীয় শ্বুটিঙ চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে আৰ্মিৰ সন্দীপে। সোমবাৰে অনুষ্ঠিত হোৱা কোৱালিফিকেচন মেচত প্ৰাক্তন জুনিয়ৰ বিশ্ব চেম্পিয়ন হৃদয়ে ৬২৯.২ পইণ্ট অৰ্জন কৰি ফাইনেলত প্ৰৱেশ কৰে।

ক'ৰনাত আক্ৰান্ত আৰু ভৰিৰ আঙুলিৰ আঘাটৰ বাবে যোৱা সময় ছোৱাত হৃদয়ে ভাল প্ৰদৰ্শন কৰিব পৰা নাছিল। বৰ্তমান কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ আৰু শ্বুটাৰ জনে নতুন দিল্লীৰ নেচনেল চেন্টাৰ অফ এক্সলেঞ্চত প্ৰশিক্ষক দীপক কুমাৰ ডুবেৰ তত্বাৱধানত অনুশীলন কৰি আছে।

আৰু পঢ়ক : নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ ৪০ সংখ্যক বাৰ্ষিক অধিবেশন সম্পন্ন...

assam hridoy hazarika shooter