ফাইনেলত স্থান নিশ্চিত কৰাৰ লক্ষ্যৰে অসম-মহাৰাষ্ট্ৰৰ মাজত ছেমি ফাইনেল...

কৰ্ণাটকক হৰুৱাই ফাইনেলত সৌৰাষ্ট্ৰ

author-image
Asomiya Pratidin
New Update
ফাইনেলত স্থান নিশ্চিত কৰাৰ লক্ষ্যৰে অসম-মহাৰাষ্ট্ৰৰ মাজত ছেমি ফাইনেল...

ফাইনেলত স্থান নিশ্চিত কৰাৰ লক্ষ্যৰে অসম-মহাৰাষ্ট্ৰৰ মাজত ছেমি ফাইনেল

ডিজিটেল ডেস্কঃ বিজয় হাজাৰে এদিনীয়া ক্ৰিকেটৰ আজি ছেমি ফাইনেল। ফাইনেলত স্থান নিশ্চিত কৰাৰ লক্ষ্যৰে খেলপথাৰত অৱতীৰ্ণ হৈছে ৪টাকৈ দল। অসম-মহাৰাষ্ট্ৰ আৰু কৰ্ণাটক-সৌৰাষ্ট্ৰ।

Advertisment

ইতিমধ্যে বুধবাৰে অনুষ্ঠিত হোৱা দুয়োখন ছেমি ফাইনেলত অংশগ্ৰহণ কৰিছে উক্ত ৪টা দলে। প্ৰথমখন ছেমি ফাইনেলত শক্তিশালী কৰ্ণাটকক হৰুৱাই ফাইনেলত স্থান নিশ্চিত কৰিলে সৌৰাষ্ট্ৰই। দলটোৱে কৰ্ণাটকক ৫ উইকেটত পৰাস্ত কৰে।

আনহাতে দ্বিতীয়খন ছেমি ফাইনেল অনুষ্ঠিত হৈছে অসম আৰু মহাৰাষ্ট্ৰৰ মাজত। মেচখনৰ টছত জয়ী হৈ অসমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। পোনতে মহাৰাষ্ট্ৰই বেট ধৰি অধিনায়ক ৰুতুৰাজ গায়কৱাড় আৰু অংকিত বাৱনেৰ শতকৰ সহায়ত নিৰ্ধাৰিত অভাৰত অসমক জয়ৰ বাবে ৩৫১ ৰানৰ লক্ষ্য বান্ধি দিয়ে। প্ৰত্যুত্তৰত অসমে বাতৰি লিখা পৰলৈকে ৬টা উইকেটৰ বিনিময়ত ৪০ অভাৰত ২৭২ ৰানত বেটিং কৰি আছে। দলৰ হৈ ঋষভ দাস আৰু শিৱশংকৰ ৰয়ে অৰ্ধশতক অৰ্জন কৰাৰ ওপৰিও স্বৰূপম পুৰকায়স্থই ৮৩ ৰানত বেট ধৰি আছে।

আৰু পঢ়কঃ কাটাৰ বিশ্বকাপঃ জয়ৰ লক্ষ্যৰে অষ্ট্ৰেলিয়াৰ সন্মুখত ডেনমাৰ্ক...

assam vijay hazare trophy