বিজয় হাজাৰে ট্ৰফীঃ শক্তিশালী দিল্লীৰ বিৰুদ্ধে জয়লাভ অসমৰ...

অসমৰ হৈ মুখতাৰ,সুনীল লাচিত, ৰাজাকুদ্দিন আৰু প্ৰতিভাৱান অলৰাউণ্ডাৰ ৰিয়ান পৰাগে ২ টাকৈ উইকেট দখল কৰি দলৰ জয়ত মুখ্য ভূমিকা পালন কৰে

author-image
Asomiya Pratidin
New Update
বিজয় হাজাৰে ট্ৰফীঃ শক্তিশালী দিল্লীৰ বিৰুদ্ধে জয়লাভ অসমৰ...

দিল্লীৰ বিৰুদ্ধে জয়লাভ অসমৰ

ডিজিটেল ডেস্কঃ বি চি চি আইৰ তত্বাৱধানত চলি আছে বিজয় হাজাৰে ট্ৰফী। দেশৰ ভিন্ন চহৰত অনুষ্ঠিত হৈছে বিজয় হাজাৰে এদিনীয়া ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতা। উক্ত প্ৰতিযোগিতাত অসমৰ দমনীয় প্ৰদৰ্শন অব্যাহত আছে।

Advertisment

এইবৰ্ষৰ প্ৰতিযোগিতাখনত পূৰ্বৰ ধাৰা অৱ্যাহত ৰাখি বুধবাৰে অনুষ্ঠিত এখন মেচত শক্তিশালী দিল্লীৰ বিৰুদ্ধে ২৫ ৰানৰ ব্যৱধানত জয়লাভ কৰে কুনাল শইকীয়া নেতৃত্বাধীন অসমে। টছত জয়ী হৈ দিল্লীয়ে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়।

সেই অনুসৰি অসমে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত অভাৰত ৰাহুল হাজৰিকাৰ অনবদ্য অৰ্ধ শতকৰ সহায়ত ২৫০ ৰান সংগ্ৰহ কৰে। অসমে দিল্লীক জয়ৰ বাবে বান্ধি দিয়া ২৫১ ৰানৰ লক্ষ্য অনুসৰণ কৰি অসমৰ নিয়ন্ত্ৰিত বলিংৰ আগত তিষ্ঠি থাকিব নোৱাৰি দিল্লীয়ে ২২৫ ৰানতে ইনিংছ সামৰি পৰাজয়বৰণ কৰে। অসমৰ হৈ মুখতাৰ,সুনীল লাচিত, ৰাজাকুদ্দিন আৰু প্ৰতিভাৱান অলৰাউণ্ডাৰ ৰিয়ান পৰাগে ২ টাকৈ উইকেট দখল কৰি দলৰ জয়ত মুখ্য ভূমিকা পালন কৰে।

আৰু পঢ়কঃ সীমান্তত উত্তেজনা! অসমৰ গৃহৰক্ষীৰ মৃতদেহ ঘূৰাই দিব মেঘালয় প্ৰশাসনে

delhi cricket vijay hazare assam cricket association riyan parag assam assam vs delhi