Advertisment

চাহ কৰ্মচাৰীৰ ভৱিষ্যতনিধিৰ সুবিধা কৰ্তনৰ বিৰুদ্ধে গৰজি উঠিছে অসম চাহ কৰ্মচাৰী সংঘ

অসম চাহ কৰ্ম্মচাৰী সংঘৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দ্দেশ মৰ্ম্মে সংঘৰ নদুৱাৰ শাখাৰ অন্তৰ্গত দিকৰাই প্ৰাথমিক গোটৰ দ্বাৰা শুকুৰবাৰে সন্ধিয়া  দিকৰাই চাহ বাগিছাৰ বিনোদন ভৱনত আয়োজন কৰা হয় এক সংবাদমেলৰ।

author-image
Asomiya Pratidin
New Update
চাহ কৰ্মচাৰীৰ ভৱিষ্যতনিধিৰ সুবিধা কৰ্তনৰ বিৰুদ্ধে গৰজি উঠিছে অসম চাহ কৰ্মচাৰী সংঘ

চাহ কৰ্মচাৰীৰ ভৱিষ্যতনিধিৰ সুবিধা কৰ্তনৰ বিৰুদ্ধে গৰজি উঠিছে অসম চাহ কৰ্মচাৰী সংঘ

ডিজিটেল সংবাদ, জামুগুৰিহাট : চৰকাৰৰ দ্বাৰা চাহ কৰ্মচাৰীৰ ভৱিষ্যতনিধিৰ সুবিধা কৰ্তনৰ বিৰুদ্ধে গৰজি উঠি অসম চাহ কৰ্মচাৰী সংঘই চৰকাৰৰ বিৰুদ্ধে ঘোষণা কৰিছে তীব্ৰ গণতান্ত্ৰিক আন্দোলন ৷ অসম চাহ কৰ্ম্মচাৰী সংঘৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দ্দেশ মৰ্ম্মে সংঘৰ নদুৱাৰ শাখাৰ অন্তৰ্গত দিকৰাই প্ৰাথমিক গোটৰ দ্বাৰা শুকুৰবাৰে সন্ধিয়া  দিকৰাই চাহ বাগিছাৰ বিনোদন ভৱনত আয়োজন কৰা হয় এক সংবাদমেলৰ।

Advertisment

এই সংবাদমেলৰ জৰিয়তে দিকৰাই প্ৰাথমিক গোটৰ সদস্যসকলৰ উপস্থিতিত সভাপতি ৰবিন্দ্ৰ  পাটৰ আৰু সম্পাদক জ্যোতিৰ্ময় তছাই কেতবোৰ মন্তব্য কৰে। বিষয়ববীয়া দুগৰাকীয়ে কয় যে অসম চাহ খেতিৰ বাবে বিখ্যাত৷ এই চাহ খেতিৰ বাবেই অসমখন অৰ্থনৈতিকভাৱে টনকিয়াল হৈছে, কিন্তু এই চহ খেতিৰ লগত জড়িত চাহ কৰ্ম্মচাৰীসকলে দীৰ্ঘদিন ধৰি বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ আহিছে ৷

ন্যূনতম বেতনৰ বিনিময়ত কাম কৰি অহা চাহ কৰ্মচাৰীসকলৰ বিৰুদ্ধে চৰকাৰে যোৱা ১২ নবেম্বৰত যি গেজেট নটিফিকেশ্যন জাৰি কৰিছে, তাৰ দ্বাৰা চাহ কৰ্মচাৰীসকলৰ ভৱিষ্যতনিধিৰ পৰা ৮ৰ পৰা ৯ লাখ টকা পৰ্য্যন্ত  লোকচান হ’ব৷ গতিকে চাহ কৰ্মচাৰী সংঘই এইক্ষেত্ৰত অতি দুখ প্ৰকাশ কৰা বুলি মন্তব্য কৰে৷ 

চৰকাৰে এই নটিফিকেশ্যন শীঘ্ৰে বাতিল কৰিব লাগে ৷ ইয়াৰ লগতে চাহ কৰ্ম্মচাৰীসকলৰ ন্যাৰ্য প্ৰাপ্তিৰ দাবীসমূহ চৰকাৰে অহা ৫ ফেব্ৰুৱাৰীৰ পূৰ্ব্বে মানি নল’লে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলি সংবাদমেলৰ জৰিয়তে সকীয়াই দিয়ে ৷ 

ইতিমধ্যেই অসম চাহ কৰ্ম্মচাৰী সংঘৰ কেন্দ্ৰীয় কমিটিয়ে ঘোষণা কৰা সংবাদমেলৰ কাৰ্য্যসূচীৰ পিচতে শনিবাৰে বাকী কাৰ্য্যসূচীসমূহ সামজিক মাধ্যমযোগে প্ৰচাৰ কৰা হ’ব বুলি জনায় ৷ ২৮ জানুৱাৰীত অসমৰ প্ৰতিখন চাহ বাগিচাৰ কাৰ্য্যালয়ৰ সন্মুখত কৰ্ম্মচাৰীসকলে ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে পুৱা ৭-০০ বজাৰ পৰা ১ ঘণ্টীয়া ধৰ্ণাৰ কাৰ্য্যসূচী ৰূপায়ণ কৰিব ৷ 

ইফালে ইয়াৰ পিছতে গুৱাহাটীত অনুষ্ঠিত হ’ব লগা “কৰ্ম্মচাৰী গৰ্জ্জন” কাৰ্য্যসূচীত যোগদানৰ বিষয়ে সজাগতা সভা অনুষ্ঠিত হ’ব ৷ ৰাজ্যখনৰ চাহ কৰ্ম্মচাৰীৰ প্ৰতিনিধিসকল একত্ৰিত হৈ ৩০ জানুৱাৰীত দিনৰ ১২-০০ বজাৰ পৰা ১-০০ বজালৈ গুৱাহাটীৰ শ্ৰম ভৱনৰ সন্মুখত “কৰ্ম্মচাৰী গৰ্জ্জন” কাৰ্য্যসূচী ৰূপায়নৰ পিছতে স্মাৰকপত্ৰ প্ৰদান কৰিব বুলি উল্লেখ কৰে ৷

tea jamugurihat press meet