উদং হ'বলৈ ধৰিছে চিৰিয়াখানা, নিৰ্লিপ্ত প্ৰশাসন...

উদং হ'বলৈ ধৰিছে চিৰিয়াখানা, নিৰ্লিপ্ত প্ৰশাসন...

ডিজিটেল ডেস্ক : দিন বাগৰি বছৰোটোৱে বিদায় ল'বলৈ হ'ল । প্ৰখৰ ৰ'দৰ পৰা ৰাজ্যবাসীক সকাহ দিবলৈ শীতো নামি আহিল কুঁৱলীৰ ফাকেৰে । কিন্তু আন কালৰ দৰে মহানগৰী তথা নিকটৱৰ্তী এলেকা সমূহৰ শিশু সকলক এইবাৰ নিৰুৎসাহ কৰিব অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানে । কিয়নো অসমৰ জন্তুৰে চহকী হ'ল দেশৰ উদ্যোগপতি আম্বানীৰ ৰিলায়েঞ্চ চিৰিয়াখানা ।

নিশাৰ অন্ধকাৰৰ সুযোগত অসমৰ ৰাজ্যিক চিৰিয়াখানাৰ বহু কেইটা প্ৰজাতিৰ জন্তু চালান দিয়া হ'ল ৰিলায়েঞ্চ চিৰিয়াখানালৈ । ইয়াৰ সৈতেই অভিযোগ উত্থাপন হ'ল চিৰিয়াখানাৰ জিলা বন বিষয়া অশ্বিনী কুমাৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যোৱা এগৰাকী মহিলাক শাৰিৰীক ভাৱে অপদস্থ কৰাৰ ।    

কিন্তু হঠাৎ এনে পৰিৱৰ্তন কিয় হ'ল ৰাজ্যখনৰ মুখ্য পৰ্যটনস্থলী তথা ৰাজহ সংগ্ৰহকাৰী এনে এক প্ৰতিষ্ঠানৰ ? জিলা বন বিষয়া এগৰাকীয়ে এক ব্যক্তিগত প্ৰতিষ্ঠানৰ হাতত অসমৰ আপুৰুগীয়া সম্পদ সমূহ গতাই দিব লগীয়া হোৱা কাৰ্য নিশ্চিত ভাৱে কেৱল এগৰাকী ব্যক্তিৰ উদ্যোগত হোৱা প্ৰচেষ্টা নিশ্চয়কৈ নহয় । তেনেস্থলত, চৰকাৰৰ স্থিতি কি এই সন্দৰ্ভত ?

এই প্ৰশ্ন সমূহৰ সমান্তৰালকৈ উত্থাপন হোৱা আন এটা বিষয় হ'ল বিগত কিছু সময় ধৰি দৰ্শনাৰ্থীৰ প্ৰৱেশ নিষিদ্ধ কৰি থোৱা উদ্ভিদ উদ্যানখন । এক বৃহৎ এলেকা সামৰি বিভিন্ন বৃক্ষ ৰোপনৰ জৰিয়তে ৰাজ্যিক চিৰিয়াখানাৰ সৈতেই নিৰ্মাণ কৰা হৈছিল এই উদ্ভিদ উদ্যানখন কিন্তু বিগত কিছু সময়ৰ পৰা বন্ধ হৈ থকাৰ বাবে এতিয়া সেই সন্দৰ্ভতো উত্থাপন হৈছে বহু প্ৰশ্নৰ...

উল্লেখ্য যে, পূৰ্বে বহু সময়ত এই উদ্ভিদ উদ্যানত বহু যুৱক-যুৱতী অসামাজিক কাৰ্য-কালপত লিপ্ত হোৱাৰ অভিযোগৰ বাবেই এনে কঠোৰ সিদ্ধান্ত ল'ব লগীয়া হোৱা বুলি মন্তব্য প্ৰদান কৰিছিল জিলা বন বিষয়া গৰাকীয়ে । কিন্তু এই সিদ্ধান্তৰ সলনি চি চি কেমেৰাৰ সংযোগ আৰু অধিক নিৰাপত্তাৰক্ষীৰ ব্যৱস্থা নিশ্চয়কৈ কৰিব পৰা গ'ল হয় উদ্ভিত উদ্যানখনত । নে প্ৰৱেশ নিষিদ্ধ কৰি পৰৱৰ্তী সময়ত আন কোনো প্ৰকল্পৰ বাবে ব্যৱহাৰ কৰা হ'ব উদ্ভিদ উদ্যানখন ?

এই সমূহৰ সৈতেই চিৰিয়াখানা সুৰক্ষা মঞ্চই উত্থাপন কৰিছে আন বহু অভিযোগৰ । সংগঠনটিৰ কাৰ্যকৰ্তা সকলৰ মন্তব্য অনুসৰি, বুধবাৰে মাজনিশা অন্ধকাৰৰ গইণা লৈ ৯টা প্ৰজাতিৰ বান্দৰ, ২টা গড়ৰ পোৱালি তথা বহু কেইটা আঠ শিঙীয়া হৰিণ আম্বানীৰ গ্ৰীণ জুলজিকেল ৰেস্কিউ এণ্ড ৰিহেবিলিটেচন চেন্টাৰলৈ লৈ যোৱা হয় অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা ।

ইয়াৰ পূৰ্বেও উত্থাপন হৈছে এনে বহু অভিযোগৰ । তেনে এক গুৰুতৰ অভিযোগ হ'ল, বুধবাৰেই স্থানান্তৰিত কৰিব বিচৰা হৈছিল এটি ঘোঙক । কিন্তু তাৰ বাবে জীৱটিৰ শৰীৰত প্ৰয়োগ কৰা চেতনানাশকৰ পৰিমান মাত্ৰাধিক হোৱাৰ বাবে মৃত্যুমুখত পৰে ঘোঙটি । কিন্তু এই সমগ্ৰ বিষয়টিক গাপ দি চিৰিয়াখানাৰ ভিতৰতেই মৃতদেহটি পুতিব বিচৰা হৈছে বুলিও অভিযোগ চিৰিয়াখানা সুৰক্ষা মঞ্চৰ ।

এই যাত্ৰাৰ আৰম্ভণি আৰু শেষ ক'ত ? ব্যক্তিগত প্ৰতিষ্ঠান এটিৰ বাবে কিয় ইমান আনুগত্য জিলা বন বিষয়া এগৰাকীৰ ? চৰকাৰৰ অলক্ষিতে ঘটনাৰাজী হৈ থকা বুলি অনুমান কৰিলেও নিশ্চয়কৈ বিহিত ব্যৱস্থা লোৱা হ'ব বিষয়া গৰাকীৰ ওপৰত । কিন্তু বৰ্তমানলৈ পৰিলক্ষিত হোৱা নাই তেনে কোনো পদক্ষেপ । আনহাতে, আগন্তুক সময়ত এনেদৰেই জীৱ-জন্তু সমূহ বহি ৰাজ্যলৈ স্থানান্তৰিত কৰি থাকিলে ৰাজ্যৰ ৰাজহ সংগ্ৰহত নিশ্চয়কৈ পৰিব এক মোক্ষম আঘাত ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in