মাজুলীত হ'ব দলং ! ভূমিপূজনত অংশ ল'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই...

কেইবাটাও কাৰ্যসূচীৰে মাজুলীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

author-image
Asomiya Pratidin
New Update
মাজুলীত হ'ব দলং ! ভূমিপূজনত অংশ ল'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই...

himanta biswa sarma

ডিজিটেল ডেস্ক : দেওবাৰে কেইবাটাও কাৰ্যসূচীৰে মাজুলীত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। 'বিকাশৰ বাবে এটা এপষেক'ৰ অধীনত অনুষ্ঠিত কাৰ্যসূচীত উপস্থিত মুখ্যমন্ত্ৰী গৰাকী। ৰাজ্য চৰকাৰে মাজুলীলৈ আগবঢ়োৱা ৮২৫ কোটি টকাৰ উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ তথা আধাৰশিলা স্থাপন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে।

Advertisment

আনহাতে, আন ১৫ টা আঁচনিৰো কেন্দ্ৰীয়ভাৱে শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। মাজুলীৰ চেলেক অঞ্চলত অনুষ্ঠিত হ’ব এই 'বিকাশৰ বাবে এটা এপষেক'ৰ কাৰ্যসূচী। আনহাতে, সোৱণশিৰিৰ লগতে লুইতৰ বুকুত হ’বলগা দুখন দলং নিৰ্মাণৰ কৰা হ'ব মাজুলীত। এই দলং নিৰ্মাণৰ ভূমিপূজনো কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে।

এই দলং দুখনৰ বাবে ৬৯৪ কোটি টকা ধাৰ্য কৰা হৈছে। অসম মালা আঁচনিৰ অধীনত এই দলং দুখন নিৰ্মাণ কৰা হ’ব।

আৰু পঢ়ক : বিশ্বকাপৰ পৰা দু:সহ বিদায় ৰোনাল্ডোৰ...

assam majuli himanta biswa sama