তিনিচুকীয়াত আছাম ষ্টেট আউটচৰ্চ পাৱাৰ ৱকাৰ্ছ ইউনিয়নৰ অনশন কাৰ্যসূচী...

তিনিচুকীয়াত আছাম ষ্টেট আউটচৰ্চ পাৱাৰ ৱকাৰ্ছ ইউনিয়নৰ অনশন কাৰ্যসূচী...
তিনিচুকীয়াত আছাম ষ্টেট আউটচৰ্চ পাৱাৰ ৱকাৰ্ছ ইউনিয়নৰ অনশন কাৰ্যসূচী...

ডিজিটেল সংবাদ তিনিচুকীয়া: আছাম ষ্টেট আউটচৰ্চ পাৱাৰ ৱকাৰ্ছ ইউনিয়নে ইয়াৰ ১১ দফীয়া দাবীত ধাৰাবাহিক আন্দোলন অব্যাহত ৰখাৰ মাজতে আজি পুনৰ ইউনিয়নৰ তিনিচুকীয়া চক্ৰ সমিতিয়ে দ্বিতীয়লানি আন্দোলনৰ অংশস্বৰূপে পুৱা ১০ বজাৰ পৰা আবেলি ৪ বজালৈ ৬ ঘণ্টীয়া প্ৰতীকী অনশন কাৰ্যসূচী গ্ৰহণ কৰে ।

এই প্ৰতিবাদৰ যোগেদি অসমৰ শক্তিখণ্ডৰ তিনি কোম্পানী ক্রমে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড, এ ই জি চি এল, আৰু এ পি ডি চি এলত নিয়োজিত মিটাৰ ৰিডাৰ, বিল ক্লার্ক, সহায়ক, পিয়ন, চকীদাৰ, নাইট চকীদাৰ, মালী, আই বি এটেণ্ডেণ্ট, কম্পিউটাৰ অপাৰেটৰ,গাড়ী চালক আৰু চাফাই কৰ্মীসকলৰ চাকৰি নিয়মীয়া কৰণৰ দাবী জনোৱা হয় ।

তদুপৰি অসম চৰকাৰে ঘোষণা কৰা পাঁচ হেজাৰ পদত অস্থায়ী কৰ্মীক অগ্ৰাধিকাৰ দিয়া, কোনো বাছনি পৰীক্ষা নোলোৱাকৈ ভেৰিফিকেচনৰ মাধ্যমেৰে অস্হায়ী কৰ্মীৰ চাকৰি নিয়মীয়াকৰণৰ ব্যৱস্থা কৰা, নিয়মীয়াকৰণ নোহোৱা পৰ্যন্ত সম কাম সম মজুৰিৰ ব্যৱস্থা কৰা, বিভাগৰ হৈ কাম কৰি থকা অস্হায়ী কৰ্মীক ঠিকাদাৰৰ অধীনত নিয়া বন্ধ কৰা, অস্হায়ী কৰ্মীৰ প্ৰকৃত তালিকা প্ৰস্তুত কৰা, কৰ্মৰত অৱস্থাত যিকোনো দুৰ্ঘটনাৰ ক্ষেত্ৰত আর্থিক সাহাৰ্য, ক্ষতিপূৰণ প্ৰদান কৰাৰ লগতে পৰিয়ালৰ যিকোনো এজন সদস্যক সংস্থাপনৰ ব্যৱস্থা কৰা, বীমাৰ ব্যৱস্থা কৰা, মিটাৰ ৰিডাৰসকলক নিজৰ পাৰিশ্ৰমিক নিজ নিজ একাউন্টত দিয়া আৰু ৰুল কাগজ বিভাগে বিনামূলীয়া কৰা ৩৩/১১ কেভি নিয়ন্ত্রণ কক্ষসমূহৰ ব্যক্তিগতকৰণ বন্ধ কৰা আৰু প্রচলিত শ্রম আইন অনুসৰি পাবলগীয়া সা-সুবিধা অস্হায়ী কর্মীসকলক দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনোৱা হয় ।

উল্লেখ্য যে ইউনিয়নে অহা ২৭ ডিচেম্বৰ তাৰিখে পুনৰ তৃতীয়লানি আন্দোলনৰ কাৰ্যসূচীৰূপে পুৱা ৬ বজাৰ পৰা ২৪ ঘণ্টীয়া কলম আৰু সঁজুলি বন্ধ কাৰ্যসূচী গ্ৰহণ কৰিব ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in