SEBA-AHSEC একত্রীকৰণ কৰি গঠন কৰা হ’ল অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ

SEBA-AHSEC একত্রীকৰণ কৰি গঠন কৰা হ’ল অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ

author-image
Asomiya Pratidin
New Update
SEBA-AHSEC একত্রীকৰণ কৰি গঠন কৰা হ’ল অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ

ডিজিটেল ডেস্কঃ একত্রিত হ’ল ছেবা আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ। SEBA-AHSEC একত্ৰীকৰণ কৰি গঠন কৰিলে ‘অসম ৰাজ্যিক স্কুল শিক্ষা পৰিষদ’ চমুকৈ ASSEB। ৰাষ্ট্রীয় শিক্ষা নীতি ২০২০ৰ সৈতে সামঞ্জস্য ৰাখি একত্রীকৰণৰ সিদ্ধান্ত লোৱা হৈছে। অসম ৰাজ্যিক স্কুল শিক্ষা পৰিষদে দ্বাদশ শ্ৰেণীপৰ্যন্ত সকলো পৰীক্ষা পৰিচালনা কৰিব।

Advertisment

উল্লেখ্য যে ৰমেশ চান্দ জৈন পৰিষদৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। পূৰ্বে ছেবাৰ অধ্যক্ষৰ দায়িত্বত আছিল আৰ চি জৈন। ৰুক্ম গোহাঁই বৰুৱা পৰিষদৰ উপাধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। পূৰ্বে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ আছিল ৰুক্ম গোহাঁই বৰুৱা। সামাজিক মাধ্যমযোগে এই কথা জনালে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে।

Also Read: বিৰুবাৰীত মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ ৫৯৯ সংখ্যক আৱিৰ্ভাৱ তিথি উদযাপন

AHSEC ASSEB dr ranoj pegu seba