বিৰুবাৰীত মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ ৫৯৯ সংখ্যক আৱিৰ্ভাৱ তিথি উদযাপন

বিৰুবাৰীত মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ ৫৯৯ সংখ্যক আৱিৰ্ভাৱ তিথি উদযাপন
Published on
Updated on

ডিজিটেল সংবাদ,‌ গুৱাহাটী : আজি বেদাচাৰ্য, দৰ্শনাচাৰ্য, ভাগৱতাচাৰ্য মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ ৫৯৯ সংখ্যক আৱিৰ্ভাৱ তিথি‌। মহাপুৰুষজনাৰ আৱিৰ্ভাৱ তিথি উপলক্ষে পৰাগজ্যোতি প্ৰকাশনৰ উদ্যোগত মহানগৰীৰ বিৰুবাৰীত মাংগলিক কাৰ্যসূচীৰে উদযাপন কৰে।

গুৰুজনাৰ স্থিৰচিত্ৰত প্ৰদীপ প্ৰজ্বলন, পুষ্পাৰ্ঘ্য অৰ্পণ, শ্ৰীমদ্ভাগৱত পাঠ, আলোচনা সত্ৰ আদি অনুষ্ঠিত হয়। আলোচনাত ভাগ লৈ বিশিষ্ট ধৰ্মীয় সাহিত্যৰ লেখক, সমাজকৰ্মী শৈলেন তালুকদাৰে কয়- "মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱ‌ গুৰুজনাই আমাক বহু দি থৈ গ'ল।‌ জীৱন পথত খোজ কাঢ়িবৰ বাবে। গুৰুজনাৰ জীৱন -দৰ্শন‌ অধ্যয়ন কৰিলে সমাজ ‌শৃংখলিত হৈ উঠিব। গুৰুজনাই দেখাই যোৱা পথ আমি অনুকৰণ, অনুসৰণ কৰি গ'লে হ'ল।"

সভাত অসম চৰকাৰৰ মহাগাণনিক বিভাগৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ হিচাপ পৰীক্ষক বিশ্বনাথ পাঠক, কৃষি বিভাগৰ প্ৰাক্তন উপ-পৰিদৰ্শক বাসৱ‌ চন্দ্ৰ তালুকদাৰ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অৱসৰপ্ৰাপ্ত অধীক্ষক প্ৰবীণ শইকীয়া, জ্যেষ্ঠ সংবাদকৰ্মী নিত্যানন্দ‌ শৰ্মাই মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ জীৱন-দৰ্শন, তেওঁৰ বাগ্মিতা গুণৰ‌ ওপৰত আলোকপাত কৰে।

সভাখন সঞ্চালনা‌ কৰে প্ৰকাশনৰ সচিব দীপক শৰ্মাই। শৰ্মাই কয়- "মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱ বিশ্ব শ্ৰেষ্ঠ এজনা দাৰ্শনিক। তেওঁৰ চিন্তা-চৰ্চা বিশ্বজনীন। পঞ্চাদশ-ষোড়শ শতিকাতে সমাজ সংস্কাৰৰ অন্যন্য বীজ ৰোপণ কৰিছিল গুৰুজনাই।‌"

তেঁও আৰু কয়- "উচ্চ -নীচৰ ভাব নৰখা গুৰুজনাই সমন্বয় -সংহতিৰ সেতু নিৰ্মাণ কৰিছিল। এইজনা গুৰুৰ আৱিৰ্ভাৱ আৰু তিৰোভাৱ তিথিত ৰাজ্য চৰকাৰে চৰকাৰী ভাৱে বন্ধ দিব লাগে বুলি আমি ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনালোঁ।‌ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি ‌আমাৰ এয়া বিনম্ৰ দাবী।"

বিৰুবাৰীত মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ ৫৯৯ সংখ্যক আৱিৰ্ভাৱ তিথি উদযাপন
ৰণবীৰ-দীপিকাৰ কোলালৈ আহিল কন্যা সন্তান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in