অসম সাহিত্য সভাৰ নিৰ্বাচনঃ উপ সভাপতি, প্ৰধান সম্পাদকৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ...

অসম সাহিত্য সভাৰ নিৰ্বাচনঃ উপ সভাপতি, প্ৰধান সম্পাদকৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ...

author-image
Asomiya Pratidin
New Update
অসম সাহিত্য সভাৰ নিৰ্বাচনঃ উপ সভাপতি, প্ৰধান সম্পাদকৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ...

ডিজিটেল ডেস্কঃ বহু বিতৰ্কৰ মাজত অৱশেষত আজি প্ৰকাশ কৰিলে অসম সাহিত্য সভাৰ ২০২৫-২০২৭ বৰ্ষৰ কাৰ্যকালৰ বাবে হ'বলগীয়া নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা। কেইবাগৰাকীও ব্যক্তিৰ নাম চৰ্চালৈ অহাৰ লগতে আৰু সভাপতি, সম্পাদকৰ দৰে পদবীক লৈ খোৱা-কামোৰা চলি থকাৰ মাজতে আজি ঘোষণা হ'ল উপ সভাপতি,প্ৰধান সম্পাদকৰ প্ৰাৰ্থীৰ নাম।

Advertisment

উপ সভাপতি পদৰ বাবে ৩ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ সমান্তাৰালকৈ প্ৰধান সম্পাদকৰ প্ৰাৰ্থীৰ বাবেও ৩ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। উপ সভাপতি পদৰ ৩ গৰাকী প্ৰাৰ্থী ক্ৰমে- ডাঃ বিপিন চন্দ্ৰ কলিতা, পদুম ৰাজখোৱা, চহিৰ ভূঞা।

প্ৰধান সম্পাদকৰ প্ৰাৰ্থী কেইগৰাকী হ'ল- অজিতপ্ৰসাদ শৰ্মা, দেৱজিৎ বৰা আৰু সঞ্জীৱ শৰ্মা। উল্লেখযোগ্য যে, অসমীয়া জাতিৰ ঐতিহ্যবাহী অনুষ্ঠান অসম সাহিত্য সভাৰ সভাপতিক লৈ বিতৰ্ক অব্যাহত থকাৰ মাজতে সভাপতিৰ পেনেলৰ নতুন তালিকা ১৪ নৱেম্বৰত প্ৰকাশ পাব বুলি কিছু দিন পূৰ্বে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছিল সাহিত্য সভাৰ সভাপতি সূৰ্য হাজৰিকাই। লগতে নতুন তালিকাত নতুন নাম সন্নিবিষ্ট হ'ব বুলিও আশ্বাস দিছিল সভাপতিগৰাকীয়ে।

Also Read: মণিপুৰ প্ৰসংগঃ দিল্লীত ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়াৰ সংবাদমেল

assam sahitya sabha