মণিপুৰ প্ৰসংগঃ দিল্লীত ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়াৰ সংবাদমেল

মণিপুৰৰ হিংসা নিয়ন্ত্ৰণত শাসকীয় দল ব্যৰ্থঃ RPI

author-image
Asomiya Pratidin
New Update
মণিপুৰ প্ৰসংগঃ দিল্লীত ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়াৰ সংবাদমেল

ডিজিটেল ডেস্কঃ মণিপুৰ হিংসা তথা ৰাজ্যখনৰ অপৰিৱৰ্তিত পৰিস্থিতি সন্দৰ্ভত নতুন দিল্লীত এখন সংবাদ মেলৰ আয়োজন কৰে ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়াই। উক্ত সংবাদমেলত ৰিপাব্লিকান পাৰ্টিৰ সাধাৰণ সম্পাদক মহেশ থাওনাজাম আৰু দিল্লীৰ জ্যেষ্ঠ নেতৃত্বই অংশগ্ৰহণ কৰে।

Advertisment

মণিপুৰত ডেৰ বছৰ ধৰি হোৱা হিংসা দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ বাবে অতি চিন্তনীয় বিষয় লগতে মণিপুৰত হোৱা সংঘৰ্ষ গোষ্ঠীগত সংঘৰ্ষ নহয় বুলি সংবাদমেলত উল্লেখ কৰে ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়াৰ নেতৃত্বই। সংবাদ মেলৰ জৰিয়তে তেওঁলোকে কয় যে, মণিপুৰৰ হিংসা দৰাচলতে বহিঃৰাষ্ট্ৰৰ পৰা হোৱা আক্ৰমণ।

ইয়াৰোপৰি সংবাদমেলৰ জৰিয়তে শাসকীয় দলৰ বিৰুদ্ধেও ক্ষোভ উজাৰে ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়াৰ নেতৃত্বই। মণিপুৰৰ হিংসা নিয়ন্ত্ৰণত শাসকীয় দল ব্যৰ্থ হোৱা বুলি কোৱাৰ লগতে বিৰোধী দলেও এই সময়ছোৱাত ৰাজনীতি কথা চিন্তা নকৰি ইতিবাচকভাৱে ৰাজ্যখনৰ শান্তি প্ৰতিষ্ঠাৰ উদ্দেশ্যে আগবাাঢ়ি আহিব লাগে বুলি সংবাদমেলত উল্লেখ কৰে।

Also Read: এন চি পি নেতা বাবা ছিদ্দিকীৰ হত্যাকাৰীক গ্ৰেপ্তাৰ...

manipur