/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/c74c9572-3381-4d90-b095-7095ab018c9c/krishi.jpg)
ৰাষ্ট্ৰীয় অধিবেশনলৈ প্ৰতিনিধিৰ যাত্ৰা
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ পশ্চিমবঙ্গৰ হুগলী জিলাৰ চন্দন নগৰত সদৌ ভাৰত কৃষি আৰু গ্ৰামীণ শ্ৰমিক সন্থাৰ ৭ম ৰাষ্ট্ৰীয় অধিবেশন অহা ১৪ আৰু ১৫ নৱেম্বৰত অনুষ্ঠিত হ'ব। দেশৰ সহস্ৰাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব লগিয়া অধিবেশনলৈ সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা, কাৰ্বি আংলং কিষাণ শ্রমিক সভা আৰু কৃষক শ্ৰমিক ন্যায় সন্থাৰ অসমৰ প্ৰায় ১০০ প্ৰতিনিধিয়ে অংশগ্ৰহণৰ বাবে দেওবাৰে ৰাওনা হয়।
যাত্ৰাৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকি সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্তই জনাই যে, "সন্মিলনত ভূমি, কাম, মজুৰি, আৱাস আৰু খাদ্যৰ অধিকাৰৰ লগতে বিজেপিৰ মোদী চৰকাৰ জনবিৰোধী নীতি আৰু বুলড'জাৰ ৰাজৰ বিৰুদ্ধে সন্মিলনে দেশজোৰা সংগ্রাম গঢ়িতোলাৰ লগতে কর্প'ৰেট আৰু সাম্প্রদায়িক ফেচিবাদৰ বিৰুদ্ধে গ্ৰামীণ কৃষি আৰু শ্ৰমজীৱি ৰাইজৰ প্রতিৰোধ সংগ্ৰাম গঢ়ি তোলাৰো সিদ্ধান্ত গ্ৰহণ কৰাৰ প্ৰসঙ্গত আলোচনা হ'ব বুলি জানিবলৈ দিয়ে।
আৰু পঢ়কঃ কোচবিহাৰ ৰাজ্য গঠনৰ দাবীত চিৰাঙত বিশাল গণ সমাৱেশ...