কোচবিহাৰ ৰাজ্য গঠনৰ দাবীত চিৰাঙত বিশাল গণ সমাৱেশ...

পশ্চিমবঙ্গ আৰু বিহাৰৰ লগতে অসমৰ অবিভক্ত গোৱালপাৰা জিলা সাঙুৰি পৃথক গ্ৰেটাৰ কোচবিহাৰ ৰাজ্য গঠনৰ দাবীত চিৰাঙৰ বাসুগাঁৱত কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত গ্ৰেটাৰ কোচবিহাৰ পিপুলছ এচোছিয়েচনৰ নেতা অনন্ত মহাৰাজ বিশাল গণসমাৱেশ
গ্ৰেটাৰ কোচবিহাৰ পিপুলছ এচোছিয়েচন
গ্ৰেটাৰ কোচবিহাৰ পিপুলছ এচোছিয়েচন

ডিজিটেল সংবাদ, চিৰাংঃ পশ্চিমবঙ্গ, বিহাৰ আৰু অসমৰ অবিভক্ত গোৱালপাৰা জিলাক সাঙুৰি পৃথক গ্ৰেটাৰ কোচবিহাৰ ৰাজ্য গঠনৰ দাবী। দেওবাৰে চিৰাং জিলাৰ বাসুগাঁৱত গ্ৰেটাৰ কোচবিহাৰ পিপুলছ এচোছিয়েচনৰ উদ্যোগত বিশাল গণসমাৱেশ অনুষ্ঠিত কৰে।

কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত বাসুগাঁও ৰাজাচাৰাং ধৰ্মীয় খেলপথাৰত আয়োজিত এই গণসমাৱেশত মুখ্য অতিথি ৰূপে উপস্থিত থাকে গ্ৰেটাৰ কোচবিহাৰ পিপুলছ এচোছিয়েচনৰ প্ৰতিষ্ঠাপক অনন্ত মহাৰাজ । আজিৰ এই গণসমাৱেশত গ্ৰেটাৰ কোচবিহাৰ পিপুলছ এচোছিয়েচনৰ নেতা তথা ধৰ্মীয় গুৰু অনন্ত মহাৰাজক তেখেতৰ অনুগামীসকলে নৃত্য-গীত আৰু জয় শিৱ চণ্ডীৰ হৰ্ষ ধ্বনিৰে মঞ্চলৈ আদৰি আনে।

গণসমাৱেশত অংশগ্ৰহণ কৰি অনন্ত মহাৰাজে ঐতিহাসিক গ্ৰেটাৰ কোচবিহাৰ পৃথক ৰাজ্য সন্দৰ্ভত সংবাদ মাধ্যমৰ আগতে কয় যে, ভাৰত চৰকাৰে পি এ বি ৰিপোৰ্টত কৈছে এইটো অঞ্চলত যিকেইটা অংশীদাৰী ৰাজ্য আছে তেওঁলোকৰ লগতে আলোচনা কৰি এটা চুৰান্ত সিদ্ধান্ত লবলৈ আগবাঢ়ি গৈ আছে । ঐতিহাসিক গ্ৰেটাৰ কোচবিহাৰ ৰাজ্যৰ এই মুহূৰ্তত যিহেতু পশ্চিমবংগৰ বাদেও অসম আৰু বিহাৰত সোমাই আছে সেয়ে কেন্দ্ৰীয় চৰকাৰে সেই অংশীদাৰী ৰাজ্য সমূহৰ সৈতে আলোচনা কৰি এটা চুড়ান্ত সিদ্ধান্ত ল'ব বুলি প্ৰকাশ কৰে ।

লক্ষ্যনীয়ভাৱে অনন্ত মহাৰাজে সশস্ত্ৰ সংগঠন কে এল অ সন্দৰ্ভত কেএলঅ' কি ? কোন বা এই সংগঠনৰ নেতা তেখেতে চিনি নাপায় বুলি কৈ একপ্ৰকাৰৰ তীৰ্যক মন্তব্য কৰে । সম্প্ৰতি অসমত গ্ৰেটাৰ কোচবিহাৰ পিপুলছ এচোছিয়েচনৰ ব্যাপক তৎপৰতা বৃদ্ধি আৰু কোচ-ৰাজবংশী জনগোষ্ঠীয় লোক সকলক জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য গঠনৰ বাবে আন্দোলন কৰি অহা কোচ-ৰাজবংশী জাতীয় দল সংগঠনৰ সমৰ্থন আছে নে নাই এই সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত কয়, সকলো দল সংগঠনে নিজৰ নিজৰ আদৰ্শ আৰু চিন্তাধাৰাৰে আগবাঢ়ি গৈ আছে আৰু গ্ৰেটাৰ কোচবিহাৰ পিপুলছ এচোছিয়েচনৰ যি দাবী সেয়া হৈছে ভাৰতৰ সংবিধানৰ সমস্যা ওপৰত আৰু আমাৰ এই অঞ্চলটো যিহেতু এটি অতি স্পৰ্শকাতৰ এটা অঞ্চল সেয়ে এই অঞ্চলটোক এটা সম্পূর্ণ সুৰক্ষা ব্যবস্থা দিবলৈ চৰকাৰে কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে স্বীকৃতি দিবই লাগিব যাৰ কাৰণে চৰকাৰে এতিয়া কেন্দ্ৰীয় শাসিত অঞ্চল কৰিব বিচাৰি আছে ।

বিশাল গণ সমাৱেশ
বিশাল গণ সমাৱেশ

গ্ৰেটাৰ কোচবিহাৰ ৰাজ্য গঠনৰ আন্দোলনক অসমৰ অন্যান্য কোচ-ৰাজবংশী জাতীয় দল সংগঠনবোৰে সমৰ্থন আগবঢ়াব বুলি দাবী কৰে । তেখেতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী সন্দৰ্ভতো কিছু মন্তব্য কৰে । আজিৰ এই গণসমাৱেশত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে গ্ৰেটাৰ কোচবিহাৰ পিপুলছ এচোছিয়েচনৰ কেন্দ্ৰীয় সভাপতি নিৰ্মল ৰায় আৰু কেন্দ্ৰীয় সাধাৰণ সম্পাদিকা নমিতা বৰ্মন সহ অন্যান্য নেতা কৰ্মী সকল ।

আৰু পঢ়কঃ বটদ্ৰৱা থানলৈ আগমন বিহাৰৰ মিথিলা বিশ্ববিদ্যালয়ৰ ছাত্ৰী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in