সৰ্বাধিক অসম আৰক্ষী জোৱান নিয়োজিত হৈছিল লোকসভা নিৰ্বাচনত

সৰ্বাধিক অসম আৰক্ষী জোৱান নিয়োজিত হৈছিল লোকসভা নিৰ্বাচনত

author-image
Asomiya Pratidin
New Update
সৰ্বাধিক অসম আৰক্ষী জোৱান নিয়োজিত হৈছিল লোকসভা নিৰ্বাচনত

ডিজিটেল ডেস্কঃ ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত ৭ গৰাকী কমাণ্ডেণ্টৰ নেতৃত্বত প্ৰায় ৩৫০০ এপিবিএন (অসম আৰক্ষী বেটেলিয়ন) মোতায়ন কৰিছিল অসম আৰক্ষীয়ে। দেশৰ সমগ্ৰ ৰাজ্যৰ আৰক্ষীৰ ভিতৰত সৰ্বোচ্চ হাৰত নিয়োজিত হৈছিল অসম আৰক্ষী। অসমৰ জোৱান সকলক ছত্তিশগড়,উত্তৰ প্ৰদেশ, বিহাৰ আৰু ঝাৰখণ্ডত মোতায়ন কৰা হৈছিল।

Advertisment

উল্লেখ্য যে, সোমবাৰে অসমলৈ উভতিব ২৮ মাৰ্চৰ পৰা বিভিন্ন স্থানত মোতায়ন হৈ থকা জোৱান সকল। উত্তৰ আৰু মধ্য ভাৰতৰ উৎকট গৰমত কৰ্তব্যৰ প্ৰতি আদৰ্শ, দায়বদ্ধতা প্ৰদৰ্শন কৰা এই জোৱান সকলক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ে শলাগ লয়।

তেওঁলোকৰ কৰ্তব্য আৰু কৃতজ্ঞতাৰ অসাধাৰণ প্ৰদৰ্শনৰ চিন স্বৰূপে আৰক্ষী মুখ্য কাৰ্যালয়ে প্ৰত্যেককে DG ৰ প্ৰশংসাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। লগতে এই কষ্টকৰ ভ্ৰমণৰ অন্তত তেওঁলোকক অসমলৈ আদৰণি জনায়।

এইখিনিতে উল্লেখ কৰাটো প্ৰয়োজন যে, লোকসভা নিৰ্বাচনৰ কৰ্তব্যৰ সময়ত দুজনকৈ জোৱানৰ মৃত্যু হৈছিল। তেওঁলোক ক্ৰমে লেন্স নায়ক মনোজ গগৈ। তেওঁ পঞ্চম অসম আৰক্ষী বেটেলিয়নৰ আছিল। ছত্তিশগড়ত মেলেৰিয়াত আক্ৰান্ত হৈ মৃত্যু হৈছিল লেন্স নায়ক গগৈৰ।

আন এজন আছিল প্ৰথম অসম আৰক্ষী বেটেলিয়নৰ কনিষ্টবল মিন্টু ৰায়। বিহাৰত সলিল সমাধি ঘটিছিল জোৱান গৰাকীৰ।

উল্লেখ্য যে, চৰকাৰী নিয়ম অনুসৰি মৃত জোৱান সকলৰ পৰিয়ালক পোহপাল দিবলৈ অসম আৰক্ষী দায়বদ্ধ বুলি নিজ এক্স হেণ্ডলত উল্লেখ কৰে অসম আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে। লগতে তেওঁলোকক স্মৰণ কৰি তেওঁলোকৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে।

Also Read: জামুগুৰিহাটৰ নবিল ব্ৰহ্ম গাঁৱত ৬৮ তম বাৰ্ষিক নাম সেৱা সম্পন্ন

Parliamentary Elections 2024 35 Companies of APBn Assam police