/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/04ff1148-0dd4-46d8-bfe3-5aa0ebcd163e/4.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ নবিল ব্ৰহ্ম গাঁৱত দেওবাৰে শ্ৰী ব্ৰহ্ম সনাতন সংঘ নবিল ব্ৰহ্মগাঁও প্ৰাথমিকৰ উদ্যোগত ৬৮ তম বাৰ্ষিক সেৱা অনুষ্ঠান অনুষ্ঠিত হয় ৷ পুৱাই ধৰ্ম ধ্বজা উত্তোলন কৰে নবিল ব্ৰহ্মগাঁও প্ৰাথমিকৰ সভাপতি কামিনি মেছে। তেওঁক সহযোগিতা আগবঢ়ায় খৰ্গেশ্বৰ মেছে।
শ্ৰীশ্ৰী ব্ৰহ্ম সনাতন সংঘৰ সভাপতি বিমল মেছৰ সভাপতিত্বত অনুষ্ঠিত বাৰ্ষিক নাম সেৱা অনুষ্ঠানত মূখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰে উক্ত সংঘৰ সম্পাদক গদা মিলিয়ে৷ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে চাৰিদুৱাৰ শ্ৰীশ্ৰী ব্ৰহ্ম সনাতন সংঘৰ প্ৰাক্তন সভাপতি জিতেন ব্ৰহ্ম ৷ নবিল ব্ৰহ্ম গাঁও প্ৰাথমিকৰ সম্পাদক বিজিত দৈমাৰীয়ে অনুষ্ঠানটোৰ আঁত ধৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/bf3e4cdb-f51c-4c6f-bfa7-622f270c3dbe/5.jpg)
এই অনুষ্ঠানতে সদ্যঘোষিত উচ্চ আাৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰী সকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। লগতে তেওঁলোকক অভিনন্দন পত্ৰ প্ৰদান কৰি উজ্জ্বল ভৱিষ্যতৰ বাবে প্ৰাৰ্থনা জনায় ৷ অনুষ্ঠানটিত একাংশ শিশুৱে গীত-নৃত্য পৰিবেশন কৰে।