আৰক্ষীৰ এনকাউন্টাৰত প্ৰাণ গ'ল মোহন কুমাৰৰ...

পুনৰ অসম আৰক্ষীৰ এনকাউন্টাৰ। লামডিঙত দেওবাৰে নিশা পুনৰ গুলীচালনাৰ ঘটনা সংঘটিত হয়৷
আৰক্ষীৰ এনকাউন্টাৰত প্ৰাণ গ'ল মোহন কুমাৰৰ...

ডিজিটেল সংবাদ, লামডিং: পুনৰ অসম আৰক্ষীৰ এনকাউন্টাৰ। লামডিঙত দেওবাৰে নিশা পুনৰ গুলীচালনাৰ ঘটনা সংঘটিত হয়৷

অসম আৰক্ষীৰ গুলীত ধৰাশয় বিহাৰৰ প্ৰফেচনেল কিলাৰ মোহন কুমাৰ ৷ মোহন কুমাৰে কোনো এক ঘটনা সংঘটিত কৰা সময়ত ব্যৱহাৰ কৰা বন্দুকটো ক'ত লুকুৱাই থৈছিল সেয়া দেখুৱালৈ নিয়াৰ সময়তে এনকাউন্টাৰ হয়।

আৰক্ষীক হাতে সজা বন্দুক দেখুৱাই দিয়াৰ পিছতে তাতে থাকা পইন্ট .৩২ পিষ্টল এটা উলিয়াই আৰক্ষীলৈ লক্ষ্য কৰি গুলী চালনা কৰিছিল মোহনে ৷ মোহন কুমাৰে চলোৱা দুই ৰাউণ্ড গুলী লামডিং আৰক্ষীৰ বাহনত লাগিছিল ৷

তাৰ পাছতেই লামডিং আৰক্ষীয়ে মোহন কুমাৰলৈ গুলী চালনা কৰে ৷ আৰক্ষীৰ গুলীত মোহন কুমাৰ গুৰুতৰ ভাৱে আহত হয় । আহত মোহন কুমাৰক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও মৃত্যু হয় মোহন কুমাৰৰ ৷

আৰক্ষীয়ে উক্ত ঘটনা সংক্ৰান্তত দুটা হাতে সজা বন্দুক সহ এটা পইন্ট .৩২ পিষ্টলো উদ্ধাৰ কৰে ৷

আৰু পঢ়ক: তিনি বছৰে বন্ধ হৈ আছে বাংলাদেশলৈ অহা-যোৱা কৰা মানকাচৰৰ আন্তঃৰাষ্ট্ৰীয় গেট

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in