তিনি বছৰে বন্ধ হৈ আছে বাংলাদেশলৈ অহা-যোৱা কৰা মানকাচৰৰ আন্তঃৰাষ্ট্ৰীয় গেট

কোভিডৰ সময়ত দেশৰ আন আন প্ৰান্তৰ লগতে মানকাচৰৰ সাহাপাৰাৰ আন্তৰাষ্ট্ৰীয় গেটখন বন্ধ কৰা হৈছিল।
তিনি বছৰে বন্ধ হৈ আছে বাংলাদেশলৈ অহা-যোৱা কৰা মানকাচৰৰ আন্তঃৰাষ্ট্ৰীয় গেট

ডিজিটেল সংবাদ, মানকাচৰ: কোভিডৰ সময়ত দেশৰ আন আন প্ৰান্তৰ লগতে মানকাচৰৰ সাহাপাৰাৰ আন্তৰাষ্ট্ৰীয় গেটখন বন্ধ কৰা হৈছিল।

সাহাপাৰা গেটেৰে ব্যৱসায় বাণিজ্যৰ বাবে বিভিন্ন সামগ্ৰী আমদানী-ৰপ্তানিৰ কাৰবাৰ আৰম্ভ হৈছে যদিও পাৰপত্ৰ লৈ বাংলাদেশলৈ অহা-যোৱা কৰা লোকৰ ক্ষেত্ৰত এতিয়াও বন্ধ হৈ আছে গেটখন।

দীৰ্ঘ দিনে গেটখন বন্ধ হৈ থকাৰ ফলত নামনি অসমৰ লগতে চুবুৰীয়া মেঘালয়ৰ গাৰো পাহাৰ জিলাৰ লোক সকলে এই গেটেৰে বাংলাদেশলৈ অহা-যোৱা কৰিব পৰা নাই।

ফলত লোক ত্ৰিপুৰা, পশ্চিমবঙ্গ হৈ অহা-যোৱা কৰিবলগীয়া হৈছে। এই অঞ্চলৰ বহু ছাত্ৰ-ছাত্ৰী বাংলাদেশ মেডিকেল কলেজত অধ্যয়ন কৰে।

গেটখন বন্ধ হৈ থকাৰ ফলত উক্ত ছাত্ৰ-ছাত্ৰী সকলেও অহা-যোৱা কৰাৰ ক্ষেত্ৰত ভীষণ অসুবিধাৰ সম্মুখীন হৈছে। মানকাচৰৰ পৰা ডাকালৈ যাবলৈ মাত্ৰ ৬ ঘণ্টা সময় লাগে।

বৰ্তমানে গেটখন বন্ধ হৈ থকাৰ ফলত মানকাচৰৰ ব্যৱসায়ী তথা ছাত্ৰ-ছাত্ৰী সকলে ত্ৰিপুৰা, পশ্চিমবঙ্গৰে ২-৩ দিন সময় নষ্ট কৰি অহা-যোৱা কৰিবলগীয়া হৈছে।

গেটখন অহা-যোৱাৰ বাবে খুলি দিয়াৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজৰ লগতে মানকাচৰৰ বিধায়ক আমিনুল ইছলামে।

আৰু পঢ়ক: মাছাই অলিম্পিক : চিকাৰৰ পৰা ক্ৰীড়ালৈ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in